
নিউজ ডেস্কঃ
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ জমা দিয়া পৰ্ব আৰম্ভ হৈছে৷ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে শক্তি প্ৰদৰ্শন কৰি জনসমৰ্থন লৈ মনোনয়নপত্ৰ জমা দিছে৷ ইয়াৰ বিপৰীতে এজন প্ৰাৰ্থীয়ে যানবাহন নলৈ মহৰ পিঠিত উঠি মনোনয়নপত্ৰ জমা দিলে ৷ ইয়াকে লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই প্ৰাৰ্থীজনৰ কাণ্ডই সংবাদ শিৰোনামা দখল কৰিছে ৷
এলেন নাচাৰি মণ্ডল নামৰ এই প্ৰাৰ্থীজনে বিহাৰৰ দ্বাৰভাঙা জিলাৰ বাহাদুৰপুৰ বিধানসভা সমষ্টিত যুঁজ কৰিব ৷ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজ কৰিব ৷ কোনো ৰাজনৈতিক দলে সাধাৰণ মানুহৰ কথা নাভাবে৷ স্থানীয় মানুহৰ অভাৱ-অভিযোগৰ কথা তুলি ধৰিবলৈ তেওঁ নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লয়৷ দৰিদ্ৰ পৰিয়ালৰ বাবে তেওঁৰ গাড়ী নাই৷ সেয়ে মহৰ পিঠিত উঠি আহি মনোনয়নপত্ৰ জমা দিয়ে ৷










