নিউজ ডেক্স:
পিন্ধনত শাৰী। গা-ভর্তি গহনা। আৰু হাতত ক্রিকেট বেট! কইনাৰ সাজতেই মাৰিছে ষ্ট্ৰেইট ড্রাইভ, হুক, পুলৰ দৰে শ্বট।
বাংলাদেশ ৰাষ্ট্ৰীয় মহিলা দলৰ ক্রিকেটাৰ চানজিদা ইছলামৰ এনে ধৰণৰ কেইবাখনো ছবি বিয়পি পৰিছে ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফর্মত। যি এতিয়া ভাইৰেল।
গাত হালধি লোৱাৰ দিনাই বেট হাতত লৈ ক্রিকেট ফিল্ডত নমাৰ এই ছবিত এতিয়া মুগ্ধ ক্রিকেট বিশ্ব।
আইচিচিসহ বিভিন্ন আন্তর্জাতিক ক্রিকেটাৰসকলে এই ছবি শ্বেয়াৰ কৰিছে। ছবিবোৰ শ্বেয়াৰ কৰি আইচিচিৰ টুইটাৰ হেণ্ডেলত লিখা হৈছে, ‘শাড়ী, গহনা, বেট— ক্রিকেটাৰসকলৰ ৱেডিং ফটোশ্বুট এনেকুৱাই হোৱা উচিত।’
১৬ অক্টোবৰত আছিল চানজিদাৰ গাত হালধি সনা পৰ্ব। তাৰ পিছদিনা তেওঁ বিয়াত বহে মীম মোছাদ্দেকৰ সৈতে।ৰাষ্ট্ৰীয় দলত সুযোগ নাপালেও মীম বাংলাদেশৰ প্রথম শ্রেণীৰ ক্রিকেটত পৰিচিত মুখ। ৰংপুৰ বিভাগীয় দলৰ হৈ খেলে তেওঁ। তেওঁৰ সৈতে সুদীর্ঘ ৬ বছৰ প্রেম চানজিদাৰ।
ক্রিকেটাৰ হোৱাৰ সপোন লৈ ২০০৯ চনত বাংলাদেশ ক্রীড়া শিক্ষা প্রতিষ্ঠান (বিকেএছপি)ত ভর্তি হৈছিল চানজিদা। তিনি বছৰৰ ভিতৰতেই বাংলাদেশ ৰাষ্ট্ৰীয় দলৰ হৈ তেওঁৰ অভিষেক ঘটে।
২০১২ চনৰ আগষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ মেচেৰে আন্তর্জাতিক কেৰিয়াৰ আৰম্ভ। সেই মেচত চানজিদা শূন্য ৰানত আউট হ’লেও জয়ী হৈছিল বাংলাদেশ। তেওঁ প্রথম এদিনীয়া মেচ খেলে ২০১৪ চনত পাকিস্তানৰ বিৰুদ্ধে।
টপ অর্ডাৰত বেট ধৰিবলৈ নমা চানজিদাই ইতিমধ্যে খেলিছে ১৬খন এদিনীয়া আন্তর্জাতিক আৰু ৫৪খন টি-২০ মেচ। ক্রিকেটৰ এই দুই ফৰমেটত তেওঁৰ মুঠ ৰান ৬৯৪। ২০১৮ত এছিয়া কাপজয়ী দলৰ অন্যতম সদস্য আছিল তেওঁ।
বিকেএছপিৰ অধ্যয়ন সমাপ্ত কৰি ২০১৮ চনত তেওঁ যেতিয়া ৰংপুৰলৈ উভতিছিল তেতিয়াই তেওঁৰ সৈতে পৰিচয় হয় মীম মোচাদ্দেকৰ। তাৰ পিছতেই গঢ়ি উঠে প্রেমৰ সম্পর্ক। ৬ বছৰৰ সেই প্রেম এইবাৰ পৰিণত হ’ল বিয়ালৈ।
ছবি ভাইৰেল হোৱাত নিজৰ আনন্দ গোপন নকৰি চানজিদাই কয়, ‘‘মোৰ স্বামী নিজেই ক্রিকেটাৰ। আমাৰ পেছাদাৰী জীৱনৰ বাবে এইটো ভাল দিশ। এতিয়া আৰু সমর্থন পাম।’’