নিউজ ডেস্কঃ
‘ৰত্ন চিনাত জহৰিয়ে ভুল নকৰে’ বুলি এক প্ৰবাদ আছে৷ একেদৰে ৰোহিত শর্মাৰো ভুল হোৱা নাই প্রতিভা চিনাক্ত কৰাত। প্রায় এক দশক আগতেই সূর্য কুমাৰৰ সম্ভাৱনাক লৈ ভৱিষ্যদ্বাণী কৰিছিল ‘হিটমেন’ ৰোহিতে। ২০১১ চনত ৰোহিত শৰ্মাই কৰা টুইট ভাইৰেল হৈ যায় আৰচিবিৰ বিৰুদ্ধে সূর্য কুমাৰে মুম্বাই ইণ্ডিয়ান্সক মেচ জিকোৱাৰ পিছতেই।
আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত বিৰাট বাহিনীৰ বিৰুদ্ধে ৪৩ বলত ৭৯ ৰানৰ অপৰাজিত ইনিংছ খেলি মুম্বাই ইণ্ডিয়ান্সক বিজয় আনি দিয়ে সূর্য কুমাৰে। শুধু সেইখন মেচতেই নহয়, ইয়াৰ আগতো বেট হাতত লৈ মুম্বাইক নির্ভৰতা দিছে তেওঁ।
চলিত আঅইপিএলত তিনিটা অৰ্ধ শতক কৰিছে সূর্য কুমাৰে। ১১ ইনিংছত ৪০.২২ গড়ে ইতিমধ্যেই ৩৬২ ৰান সংগ্রহ কৰিছে তেওঁ। স্বাভাৱিকভাবেই মুম্বাইৰ তাৰকাগৰাকী অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে জাতীয় দল স্থান নোপোৱাত ক্ষোভ উজাৰি দিয়া দেখা গৈছে বিশেষজ্ঞসকলক। কাৰন পোলার্ডেও আৰচিবি মেচৰ শেষত স্পষ্ট ইঙ্গিত দিয়ে যে, জাতীয় নির্বাচকসকলে তেওঁৰ নাম উপেক্ষা কৰাত সন্তুষ্ট নহ. সূর্য কুমাৰ।
আৰচিবিৰ মেচৰ পিছতে ছচিয়েল মিডিয়াত ৰোহিত শর্মাৰ এটি ৯ বছৰ পুৰণি টুইট হঠাৎ ভাইৰেল হৈ পৰে। ২০১১ চনত ৰোহিত শৰ্মাই এটি টুইটত সূর্য কুমাৰ যাদৱক অত্যন্ত প্রতিভাৱান আখ্যা দিছিল। তাৰ লগতে তেওঁ ভৱিষ্যতৰ তাৰকা হৈ উঠাৰ সম্ভাৱনাৰ কথাও জনাইছিল।
ৰোহিতে টুইটত লিখিছিল, ‘এই মাত্র চেন্নাইত বিচিচিআইৰ পুৰস্কাৰ বিতৰণী শেষ হ’ল। অত্যন্ত প্ৰতিভাশালী কেইগৰাকীমান ক্রিকেটাৰ উঠি আহিছে। মুম্বাইৰ সূর্য কুমাৰ যাদৱৰ ফালে ভৱিষ্যতে নজৰ থাকিব।’