নিউজ ডেক্স:
আজি এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি নিশা আকাশত দৃশ্যমান হ’ব নীলা চন্দ্ৰ। ২০১৮ ৰ পিছত পুনৰবাৰ আকাশত দেখিবলৈ পোৱা যাব নীলা চন্দ্ৰ। চলিত মাহতেই অৰ্থাৎ অক্টোবৰৰ ১ তাৰিখেও আকাশত “ফুল মুন” দেখিবলৈ পাইছিল জনসাধাৰণে।
সাধাৰণতে, দুই-তিনিবছৰৰ মূৰে মূৰে আকাশত এই নীলা চন্দ্ৰ পৰিলক্ষিত হয়। আজিৰ এই “নীলা চন্দ্ৰ” ৰ মহাজাগতিক পৰিঘটনাৰ দৃশ্যসমূহ উপভোগ কৰিবলৈ অপেক্ষাৰত সমগ্ৰ বিশ্ব। অহা ২০২৩ বৰ্ষৰ আগষ্টৰ ৩১ তাৰিখে পুনৰ এই “নীলা চন্দ্ৰ” ক আকাশত দেখিবলৈ পোৱা যায়।