নিউজ ডেক্স:
বিশ্বত কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ দুৱাৰডলিতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ “টি এইচ্ চান স্কুল অৱ হেল্থ”ৰ বিজ্ঞানীসকলে কৰা গৱেষণাত এই কথা প্ৰকাশ পাইছে যে অধিকাংশ ভাইৰাছ বিয়পিব পাৰে ৰেস্তোঁৰা, পাচলিৰ বজাৰ বা মাছ-মঙহৰ বজাৰৰপৰা ৷
কিয়নো এইসমূহত অতি সহজতে সামাজিক দুৰত্বৰ প্ৰট’কল ভংগ হয় আৰু গ্ৰাহকসকলে ব্যস্ততাৰ মাজত সামাজিক দুৰত্বৰ কথা প্ৰায়ে পাহৰি যায় । তেওঁলোকে দাবী কৰা মতে কৰ’না কালত ৰেস্তোঁৰাত বহি খাদ্য খোৱা কাৰ্যতো অতিকৈ বিপজ্জনক হ’ব পাৰে ৷
ভিৰৰ মাজত সোমাই বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে জনসাধাৰনক অতিকৈ সাৱধান হ’বৰ বাবে আহ্বান জনাইছে ৷ আনকি তেওঁলোকে এই কথাও কয় যে এই সময়ত ভিৰৰ মাজত বজাৰ কৰা বা ৰেস্তোঁৰাত বহি খাদ্য খোৱাতকৈ বিমান যাত্ৰাই অধিক নিৰাপদ ৷
আপাততঃ এই কথা মিছা যেন লাগিলেও এইটোৱেই সত্য ৷ সামাজিক দুৰত্বৰ প্ৰট’কল ভালদৰে মানি চলি জনসাধাৰনে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাত নিজেই নিজকে সহায় কৰিব পাৰে বুলি বিজ্ঞানীৰ দলটিয়ে মত পোষণ কৰিছে ৷