নিউজ ডেস্কঃ
স্কটিছ অভিনেতা শ্বন কনাৰিৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। মুঠ সাতটি জেমছ বণ্ড স্পাই থ্রিলাৰত অভিনয় কৰিছে তেওঁ। বয়স হৈছিল ৯০।
একেবাৰে নিঃশব্দে টোপনিৰ মাজতেই বিদায় ল’লে অনুৰাগীৰ একালৰ প্রিয় বণ্ডে। শ্বন কনাৰিৰ পৰিয়ালৰ সূত্র মতে, কিছুদিন ধৰি অসুস্থ আছিল স্কটিছ অভিনেতাগৰাকী। মৃত্যুকালত বাহামা দীপপুঞ্জত আছিল নব্বৈতিপৰ শ্বন। তাতেই মৃত্যু হয় তেওঁৰ।
ব্রিটিছ সাংবাদিক আৰু ঔপন্যাসিক ইয়ান ফ্লেমিঙে সৃষ্টি কৰা চৰিত্র জেমছ বণ্ডৰ ভূমিকাত সকলোতকৈ আগতে দেখা গৈছিল শ্বন কনাৰিক। ‘ডক্টৰ নো’, ‘ইউ অনলি লিভ টোৱাইছ’, ‘ডায়মণ্ডছ আৰ ফৰেভাৰ’, ‘নেভাৰ ছে নেভাৰ এগেইন’— এটাৰ পিছত আন এখন ছবিত বণ্ডক জীৱন্ত কৰি তুলিছিলৰ শ্বনে। যোৱা শতিকাৰ ষষ্ঠ দশকত ৰূপালী পর্দাৰ বণ্ডৰ চৰিত্রই এসময়ত তেওঁৰ কেৰিয়াৰত তুমুল সাফল্য আনি দিছিল। ১৯৬২ৰ পৰা ’৮৩ পর্যন্ত এখনৰ পিছত আনখনকৈ ৭খন বণ্ড-ছবিত দেখা গৈছিল শ্বন কনাৰিক। সেই সময়ৰ অনুৰাগীসকলৰ বিচাৰত শ্ৰেষ্ঠ ‘০০৭’ তেৱেঁই।