নিউজ ডেক্স:
দেশত দৈনিক কৰোনা সংক্রমণৰ সংখ্যা পুনৰ কমিল। আক্রান্তৰ সংখ্যা কমাত তাৰ প্রভাব দেখা দিছে ‘পজিটিভিটি ৰেট’ বা সংক্রমণৰ হাৰত। শতাংশৰ হিচাবত এইটো আগতকৈ নিম্নমুখী হৈছে। লগতে কমিছে আক্রান্তৰ দৈনিক মৃত্যুৰ সংখ্যাও। কিন্তু আগতকৈ যোৱা ২৪ ঘণ্টাত সুস্থ ৰোগীৰ সংখ্যা বাঢ়িছে। অৱশ্যে দেশজুৰি কোভিড পজিটিভৰ সংখ্যা প্রায় ৮২ লাখৰ ওচৰ চাপিছে।
দেওবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰা বুলেটিন অনুযায়ী, দেশত সংক্রমিত হৈছে মুঠ ৮১ লক্ষ ৮৪ হাজাৰ ৮৩ জন। ইয়াৰ ভিতৰত কেৱল মাত্র যোৱা ২৪ ঘণ্টাত নতুনকৈ কোভিড ৰিপোর্ট পজিটিভ আহিছে ৪৬ হাজাৰ ৯৬৩ জনৰ।
আক্রান্তৰ সংখ্যা প্রায় ৮২ লাখৰ দিশে আগুৱালেও এই পর্যন্ত সংক্রমণৰ পৰা আৰোগ্য হৈছে ৭৪ লক্ষ ৯১ হাজাৰ ৫১৩ জন। ইয়াৰ ফলত এই মুহূর্তত দেশত সংক্রিয় কোভিড ৰোগীৰ সংখ্যা ৫ লক্ষ ৭০ হাজাৰ ৪৫৮।
আজি স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে, বিগত ২৪ ঘণ্টাত কৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ৪৭০ জনৰ। আজিৰ এই পৰিসংখ্যা যোগ কৰিলে দেশজুৰি মুঠ ১ লক্ষ ২২ হাজাৰ ১১১ জন কোভিড ৰোগীৰ মৃত্যু হ’ল।
দৈনিক মৃত্যুৰ সংখ্যা বাঢ়িলেও কমিছে ‘পজিটিভিটি ৰেট’ বা সংক্রমণৰ হাৰ। আজিৰ হাৰ হৈছে ৪.৩০ শতাংশ। এই সময়ছোৱাত দেশজুৰি ১০ লক্ষ ৯১ হাজাৰ ২৩৯টি টেষ্ট কৰা হৈছে।সংক্রমণৰ হাৰৰ লগত বাঢ়িছে দৈনিক সুস্থতাৰ হাৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ হিচাব অনুযায়ী সেয়া ৯১.৫৪ শতাংশ।










