ষ্টাফ ৰিপ’ৰ্টাৰ:
এইবাৰ ৰাজ্য চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ। কেন্দ্ৰ চৰকাৰৰ ব্যয় সংকোচন নীতিৰ ওপৰত কেন্দ্ৰ কৰি ৰাজ্য প্ৰশাসনৰ বৃহৎ অংকৰ বিষয়া কৰ্মচাৰীক কৰা হ’ব অপসাৰণ। অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাতত ৰাজ্য চৰকাৰে এই কৰ্মচাৰী সকলক অপসাৰণ কৰিবলৈ সাজু হৈ পৰিছে।
এই সন্দৰ্ভত ইতিমধ্যে চৰকাৰে বিত্ত বিভাগৰ পৰাও লাভ কৰিছে অনুমোদন। আন দুই সংশ্লীষ্ট বিভাগৰ অনুমোদন লাভ কৰিলেই অহা বৰ্ষৰ এপ্ৰিল, মে’ মাহৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ছাটাই অভিযান।
কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে? চাওঁ আহকঃ
চৰকাৰৰ যিসমূহ বিভাগত অপ্ৰয়োজনীয় পদত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰী আছে তেওঁলোকক আগতীয়াকৈ চৰকাৰে অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব।
কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও এ, বি, চি গ্ৰুপৰ বিষয়া-কৰ্মচাৰীৰ সততা, দক্ষতা আদি দিশ পৰ্যালোচনা কৰি তিনিখন কমিটী গঠন কৰিব। আৰু কমিটীয়ে চাৰ্ভিচ ৰেকৰ্ড পৰীক্ষা কৰিব।
যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে ৩০ বছৰ চাকৰি জীৱন সম্পন্ন কৰিছে। সেইসকলক চৰকাৰে আগতীয়াকৈ অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে।
বয়স ৫০-৫৫ বছৰ হোৱা কৰ্মচাৰীৰ দক্ষতা বা স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি অৱসৰ দিয়াৰ সিদ্ধান্ত ল’ব পাৰে।
ইয়াৰ উপৰিও কৰ্মচাৰীৰ অপৰাধমূলক গোচৰ আছে নেকি সেয়াও পৰীক্ষা কৰা হ’ব।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰ ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। সেইদৰে প্ৰতিবছৰে কৰ্মচাৰীক দৰমহা দিয়াৰ নামত ২০-২২ কোটি টকা ব্যয় হয় চৰকাৰৰ আৰু এই ব্যয়ৰ ফলস্বৰূপে অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই ৰাজ্য প্ৰশাসনৰ পৰা বৃহত্ সংখ্যক বিষয়া-কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে।










