নিউজ ডেক্স:
লাডাখক লৈ ভাৰত-চীন সঙ্ঘাত এতিয়াও সম্পূৰ্ণ প্ৰশমিত হোৱা নাই। তাৰ মাজতেই চীনৰ এটি ৰে’ল প্রকল্পক কেন্দ্ৰ কৰি নতুন দিল্লী-বেইজিং সম্পর্কত নতুন উত্তেজনা সৃষ্টি হ’ব পাৰে অৰুণাচল সীমান্তত। চি জিনপিং চৰকাৰৰ ছিচুৱান-তিব্বত ৰে’ল প্রকল্পৰ ঘোষণাক কেন্দ্ৰ কৰি নতুন এই উত্তেজনা আৰম্ভ হৈছে।
নতুন দিল্লীয়ে এতিয়াও কোনো চৰকাৰী প্রতিক্রিয়া নজনালেও ছাউথ ব্লক সূত্রত খবৰ, সমগ্ৰ বিষয়ৰ ওপৰত নজৰ ৰাখিছে ভাৰতে।উল্লেখ্য যে এই ৰে’ল প্রকল্পত নতুন ৰে’ল লাইন সংযোগৰ কাম আৰম্ভ হ’ব ছিচুৱান প্রদেশৰ ৰাজধানী চেংডুৰ পৰা তিব্বতৰ লিনজি পর্যন্ত। এই লিনজিক লৈয়ে বিতর্ক আছে।
অৰুণাচল সীমান্তৰ একেবাৰে কাষত লিনজি। অৰুণাচল প্রদেশ ভাৰতৰ অংগ হ’লেও বেইজিঙে তাক তিব্বতৰ অংশ বুলি দাবী কৰে। এতিয়াও এই বিষয়ত তেনে কোনো উচ্চ-বাচ্য নকৰিলেও প্রকল্পৰ কাম আগুৱালে নতুন দিল্লীয়ে তাক লৈ আপত্তি কৰিব পাৰে বুলিয়েই ভাবে কূটনৈতিক মহলে।
উল্লেখ্য যে ছিচুৱান-তিব্বত ৰে’লপথত দুটি টানেল, এখন দলং আৰু ইয়ান-লিনজি ছেকচনৰ বিদ্যুৎ সৰবৰাহৰ নিবিদাৰ চূড়ান্ত ফলাফল ঘোষণা কৰে চিনা ৰে’লৱেই। তাতে বুজা যায়, শীঘ্রেই এই প্রকল্পৰ নির্মাণকাৰ্য আৰম্ভ হ’ব। ইয়াৰ পিছতেই বিষয়টোক লৈ তৎপৰতা আৰম্ভ হৈছে দিল্লীতো। জানিব পৰা মতে, এই প্রকল্পৰ কাম শেষ হ’লে চেংডুৰ পৰা তিব্বতৰ লাছালৈ যোৱাৰ সময় ৪৮ ঘণ্টাৰ পৰা কমি ১৩ ঘণ্টা হ’ব।










