নিউজ ডেক্স:
ত্ৰিপুৰাত প্ৰায় এক লাখ গাঞ্জা গছপুলি ধ্বংস কৰা হৈছে৷ চৰকাৰী সূত্ৰই জনোৱা মতে, আৰক্ষী, বি এছ এফ আৰু বন কৰ্মীৰ অভিযানত এই গাঞ্জা গছপুলিবোৰ ধ্বংস কৰা হয়। আৰক্ষী, বি এছ এফ আৰু বন কৰ্মীৰ দলটোৱে কেইবাটাও অঞ্চলত গাঞ্জাৰ গছ ধ্বংস কৰে।
অৱশ্যে বৰ্তমানলৈ কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই৷ ত্ৰিপুৰাৰ চেপাহীজালা জিলাৰ সোনামুৰা মহকুমাৰ অন্তৰ্গত কালামচুৰা অঞ্চলত বি এছ এফ আৰু বন কৰ্মীয়ে যুটীয়াভাৱে অভিযান কৰিছিল৷
যুটীয়া অভিযানৰ সময়ত প্ৰায় ৫০ লাখ টকা মূল্যৰ গাঞ্জাৰ পুলিবোৰ ধ্বংস কৰা হয় বুলি আৰক্ষী বিষয়া এজনে কয়। ইয়াত এক লাখৰো অধিক গাঞ্জা পুলি আছিল৷ উল্লেখ্য যে যুটীয়া অভিমানকাৰে দলটোৱে প্ৰথমে অঞ্চলটো ঘেৰাও কৰে আৰু তাৰ পিছত অভিযান আৰম্ভ কৰে।