ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলঙ জিলাৰ বোকাজান মহকুমাৰ খটখটীত পুণৰ জব্দ হ’ল বৃহৎ পৰিমানৰ গাঞ্জা ৷ আজি নিশা ১ মান বজাত আৰক্ষীৰ নিচ্ছিদ্ৰ নাকা তালাচীত উদ্ধাৰ এই বৃহৎ পৰিমানৰ গাঞ্জাখিনি ৷
UP-14-FT-4295 নম্বৰৰ এখন ট্ৰাকৰ পৰা প্ৰতিটো পেকেটত ১০ কেজিকৈ ৫৮ টা পেকেটত মুঠ ৫ কুইণ্টল ৮০ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।
জব্দ হোৱা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় ১ কোটি ১৬ লাখ টকা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তালাচীৰ উমান পাই গাঞ্জা সৰবৰাহকাৰী চালক অভিযুক্ত গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷