ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু :আজি বিয়লি বকলীয়াঘাটত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ঘটনাৰ বিৱৰণ অনুসৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি এজন পথচাৰীয়ে পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে এখন তীব্ৰবেগী বাইকৰ খুন্দাত লোকজন থিতাতে নিহত হয়।
নিহত লোকজন বকলীয়াঘাটৰ এক নং উদালি নিবাসী প্ৰদীপ কোচ (৬৫) বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনা সংঘটিত কৰিয়েই বাইকখন তীব্ৰবেগে ঘটনাস্থলীৰ পৰা উধাও হয় ।