নিউজ ডেস্কঃ
পুনৰ ফোর্বছৰ তালিকাত ভাৰতীয় তাৰকাসকলৰ জয়-জয়কাৰ। এই বছৰৰ ফোর্বছৰ এছিয়া–পেচচিফিক অঞ্চলৰ ছচিয়েল মিডিয়াৰ সর্বাধিক প্রভাৱশালী ১০০ ব্যক্তিত্বৰ তালিকাত ৰখা হৈছে অমিতাভ বচ্চন, অক্ষয় কুমাৰ, আলিয়া ভাট, অনুষ্কা শর্মা আৰু শ্বাহৰুখ খানৰ নাম। অন্যান্য তাৰকাসকলৰ ভিতৰত আছে ৰণবীৰ সিং, কেটৰিনা কাঈফ, জেকুলিন ফাৰ্ণাণ্ডেজ, ঋত্ত্বিক ৰোশন, চাহিদ কাপুৰ, মাধুৰী দীক্ষিত আৰু গায়িকা শ্রেয়া ঘোষাল তথা নেহা কাক্কৰৰ নাম।
এই তালিকাত আন্তর্জাতিক তাৰকাসকলৰ ভিতৰত নাম আছে হাগ জেকমেন, দক্ষিণ কোৰিয়াৰ ছোৱালী বেণ্ড বেকপিঙ্ক, ল’ৰাৰ বেণ্ড বিটিএছ, অভিনেতা-গায়ক জে ছু, লি মিন-হো আৰু অভিনেত্রী মাহিৰা খান, গায়ক আতিফ আছলাম, ত্রয়ে ছিভানসহ অন্যান্যসকল। ফোর্বছে প্রকাশ কৰা তালিকাত আলোকপাত কৰা হৈছে ১০০ জন গায়ক-গায়িকাক, বেণ্ড আৰু ছবি-টিভি তাৰকাসকলক। যিসকলৰ প্রত্যেকেই এছিয়া-পেচিফিকৰ পৰা সমগ্ৰ বিশ্বৰ ডিজিটেল মিডিয়াত ৰাজত্ব কৰিছে।
এছিয়া-পেচিফিকৰ প্রভাৱশালী ভাৰতীয়সকলৰ ভিতৰত বহু তাৰকাৰেই নাম আছে তালিকাত। যিসকলৰ ভিতৰত অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰ সকলোৰে ভিতৰত শীর্ষস্থানত৷ দুয়োগৰাকীৰে ছচিয়েল মিডিয়াত অনুগামীৰ সংখ্যা যথাক্রমে ১০৭ মিলিয়ন (১০ কোটি ৭০ লাখ) আৰু ১৩১ মিলিয়ন (১৩ কোটি ১০ লাখ)। এই তালিকাত স্থান লাভ কৰিছে শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিতেও। তেওঁলোকৰো ছচিয়েল মিডিয়াৰ বিভিন্ন মাধ্যমত অনুগামীৰ সংখ্যা অসংখ্য।
বর্তমান সকলোতকৈ জ্যেষ্ঠ অভিনেতা হিচাবে আছে অমিতাভ বচ্চন। অভিনেতাগৰাকীৰ প্রচুৰ অনুগামী আছে, যিসকলে বছৰৰ পিছত বছৰ ধৰি বিগ-বিক ছচিয়েল মিডিয়াত ফল’ কৰি আহিছে। এছিয়া-পেচিফিক অঞ্চলৰ সর্বাধিক প্রভাৱশালী চেলিব্রিটিৰ ফোর্বছৰ তালিকাত তেওঁক বর্ণনা কৰা হৈছে এনেদৰে, ‘এইগৰাকী কিংবদন্তীয়ে ২ শতাধিক ছবি কৰিছে, চলিত বছৰৰ মে’ মাহত অমিতাভে তেওঁৰ তাৰকা ক্ষমতাৰে ১০ কোটি ৭০ লাখ অনুগামীৰ মন জয় কৰাত সফল হৈছে আৰু কোভিড-১৯ ত্রাণত তেওঁ ৭০ লাখ মার্কিন ডলাৰৰ সাহায্য দিছে। তেওঁৰ সুদীর্ঘ কর্মজীৱনত তেওঁ নির্বাচিত পদত অধিষ্ঠিত হৈ কমপক্ষেও ১১খন আত্মজীৱনী লিখিছে।’
অন্যান্য অভিনেতাসকলৰ প্রসঙ্গত ক’বলৈ গৈ ফোর্বছে জনাইছে যে অক্ষয় কুমাৰ বলিউডৰ সর্বাধিক উপার্জনকাৰী অভিনেতা আৰু তেওঁ এই সঙ্কটময় সময়ত ৪০ লাখ মার্কিন ডলাৰ দান কৰিছে।
শ্বাহৰুখ খান প্রসঙ্গত ফোর্বছে জনাইছে যে তেওঁক ডাঙৰ পর্দাত ২০১৮ চনত শেষবাৰৰ বাবে দেখা গ’লেও তেওঁ অনবৰতে ছবি আৰু তথ্যচিত্রত ভয়চ অভাৰৰ কাম কৰি আহিছে আৰু ছচিয়েল মিডিয়াত তেওঁৰ অনুগামীৰ সংখ্যা ১০ কোটিৰো বেছি। তেওঁক ২০১৮ চনত দ্য ৱর্ল্ড ইক’নমি ফোৰামৰ পৰা মহিলা আৰু শিশুসকলৰ অধিকাৰৰ বাবে প্রচাৰ চলোৱাৰ বাবে সম্মানিত কৰা হয়।