![]()
ডিফুঃ
কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ৪নং চ’ছেং পৰিষদীয় সমষ্টিৰ এম.এ.চি তথা কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণে সমষ্টিটোত দুদিনীয়া কাৰ্যসুচীৰে সমষ্টি বাসীৰ মাজত চৰকাৰী ভাৱে ভূমি পট্টা বিতৰণ কৰে ৷
ইপিনে, ২০২০ বৰ্ষটোত প্ৰথম বাৰৰ বাবে সমষ্টিতোৰ অধীনস্থ লাংমেট এল.পি. স্কুল, উমৰু আৰু বৰপু গাঁওত বুধবাৰে সমষ্টি বাসী ৰাইজৰ মাজত চৰকাৰী ভাৱে ভূমি পট্টা বিতৰণ কৰে ৷ ইয়াৰ পাচতে কাৰ্যবাহী সদস্য গৰাকীয়ে পুনৰ বৃহস্পতিবাৰে সমষ্টিটোৰ অধীনস্থ কাৰ্বি ভূমিৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল আৰ্টিং গাঁওটো চৰকাৰী ভাৱে ভূমিহীন লোক সকলৰ মাজত চৰকাৰী ভাৱে ভূমি পট্টা প্ৰদান কৰে ৷
সমষ্টিতোৰ অধীনস্থ চাৰিও খন গাঁৱৰ ১৮০ গৰাকী লোকৰ মাজত এই ভূমি পট্টা সমূহ বিতৰণ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে ভূমি পট্টা প্ৰদান কৰি ভাষণ প্ৰসংগত কয়ঃ ভূমি পট্টাই হৈছে আমাৰ খিলঞ্জীয়াৰ আটাইতকৈ ডাঙৰ স্থায়ী প্ৰমান পত্ৰ বুলি উল্লেখ কৰি ইয়াক সৎ ব্যৱহাৰ কৰাৰো পৰামৰ্শ দিয়ে কাৰ্যবাহী সদস্য ৰূপছিং টেৰণে ৷













