বিশেষ প্ৰতিবেদন:
কীট-পতংগৰ পাখিৰ স্পন্দন বা গুঞ্জন আমাৰ পৰিচিত, যদিও আমি বৰ বিশেষ এটা লক্ষ্য নকৰো ৷ এই পতংগবোৰে পাখিৰে বিভিন্ন ধৰণৰ শব্দৰ সৃষ্টি কৰি বাৰ্তাৰ আদান-প্ৰদান কৰে ৷
এই শব্দবোৰ ইমানেই সূক্ষ্ম যে আমি শব্দবোৰৰ ভিন্নতা ধৰা পেলাব নোৱাৰো ৷ কিন্তু আচৰিত হ’লেও সঁচা যে সেই শাব্দিক বাৰ্তা বুজি পালে মানৱ জীৱন বহুবোৰ দুৰ্যোগৰপৰা হাত সাৰিব পাৰিব ৷
বিশ্বৰ মহান গৱেষক সকলে বিশেষকৈ মানুহৰ স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত পতংগৰ পাখি-স্পন্দনৰ অধ্যয়ন প্ৰয়োগ কৰিবলৈ চেষ্টা চলাই আছে ৷ এনেদৰেই কৰিব পাৰি মেলেৰিয়া মহৰ চিনাক্তকৰণো ৷