নিউজ ডেক্স:
সপ্তমলানি আলোচনাতো নোলাল কৃষকৰ আন্দোলনৰ কোনো সমাধান সূত্ৰ। দুই পক্ষই নিজৰ নিজৰ অৱস্থানত অটল থকাত এই বৈঠকো ফলপ্রসূ নহ’ল। কেৱল ঘোষণা কৰা হ’ল, পৰবর্তী বৈঠক ৮ জানুৱাৰীৰ দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব।
সোমবাৰে আলোচনাৰ পূৰ্বে দিল্লীত প্রতিবাদৰত কৃষকসকলৰ যিসকল প্রয়াত হৈছে, তেওঁলোকৰ স্মৰণত দুই মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। তাৰ পিছত আৰম্ভ হয় আলোচনা।
আলোচনাৰ পৰা ওলাই আহি কৃষক নেতা ৰাকেশ টিকায়েতে জনায়, ‘‘আমি পুনৰ ৮ জানুৱাৰীত চৰকাৰৰ সৈতে আলোচনাত বহিব। আলোচনাত তিনিখন কৃষি আইন প্রত্যাহাৰ আৰু ন্যূনতম সহায়ক মূল্যক লৈ আইনৰ কথা আলোচিত হয়। কিন্তু যেতিয়ালৈকে কৃষি আইন প্রত্যাহার কৰা নহয়, তেতিয়ালৈকে আমি আন্দোলন প্রত্যাহাৰ নকৰো।
কৃষক সভাৰ সাধাৰণ সম্পাদক হান্নান মোল্লাই জনাইছে, ‘‘কৃষকসকলে কৃষি আইন প্রত্যাহাৰ নহয় আৰু কোনো বিষয়ত আলোচনাৰ বাবে ৰাজী নহয়। চৰকাৰ প্রচণ্ড চাপত আছে। কেন্দ্রই আইন প্রত্যাহাৰ নকৰা পর্যন্ত কৃষকসকলৰ আন্দোলন চলিব।’’