ষ্টাফ ৰিপ’ৰ্টাৰ:
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে আন্দোলন কৰি যোৱা এটা বছৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ আজি নিৰ্ণয় হ’ব ভাগ্য।
গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকী চান্দমাৰী থানা ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া গোচৰত ঘোষণা কৰিব জামিনৰ ৰায়।পুৱা ১০.৩০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈ জামিনৰ ৰায় ঘোষণা কৰিব।ন্যায়ালয়ে কালিলৈ দিনটো তালিকাত অন্তৰ্ভুক্ত কৰিছে কৃষক নেতা গৰাকী জামিনৰ ৰায়ৰ বিষয়টো।
উল্লেখ দীর্ঘদিন ধৰি গগৈ জামিনৰ বাবে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত চলিছিল শুনানি।উচ্চতম ন্যায়ালয় অধিবক্তাই গগৈ হৈ কৰিছিল যুক্তি প্ৰদৰ্শন।
তাপৰ্যপূৰ্ণ কথা চান্দমাৰী নিয়া আদালতে উক্ত গোচৰত পূৰ্বে গগৈক প্ৰদান কৰিছিল জামিন।কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায়ক স্থগিতাদেশ জাৰি কৰিছিল।
উল্লেখ গগৈয়ে কালিলৈ জামিন লাভ কৰিলে মুকলি আকাশৰ তললৈ অহা পথ প্ৰশস্ত হ’ব।কিয়নো তেওঁ বিৰুদ্ধে থকা অন্য সকলো গোচৰত ইতিমধ্যে লাভ কৰিছে জামিন।
গুৰুত্বপূৰ্ণ কথা এই যে কালিলৈ পৰা মৰাণত অনুষ্ঠিত হ’ব ‘ৰাইজৰ দল’ ৰাজনৈতিক অভিৱৰ্তন।আশা কৰা হৈছে সংগ্ৰামী নেতা গৰাকীয়ে জামিন লাভ কৰি মৰাণৰ ৰাজনৈতিক অভিৱৰ্তনৰ শক্তি বৃদ্ধি কৰিব।