নিউজ ডেস্কঃ
নতুন বছৰৰ আৰম্ভণিতেই বৃহৎ আঘাত অনিল আম্বানিৰ। বৃহস্পতিবাৰে দিল্লী হাইকোর্টত এছবিআইয়ে কয়, অনিল আম্বানিৰ ৩টা কোম্পানী ৰিলায়েন্স কমিউনিকেছন্স, ৰিলায়েন্স টেলিকম আৰু ৰিলায়েন্স ইনফ্রাটেল আটাইকেইটাৰে একাউন্ট ভুৱা। এই একাউন্টবোৰৰ স্থিতাৱস্থা যেন বজায় থাকে তাক চাবলৈ বেঙ্কক নির্দেশ দিয়ে আদালতে।
ইয়াৰ ফলত তেওঁৰ বিৰুদ্ধে চিবিআই তদন্তৰ দুৱাৰ খোল খালে। আদালতৰ এই নির্দেশ সত্ত্বেও এছবিআইয়ে তদন্ত চলাই যাব পাৰে আৰু অভিযোগো নথিভুক্ত কৰিব পাৰে। ২০১৬ৰ আৰবিআইৰ চার্কুলেচনক প্ৰত্যহ্বান জনাই ৰিলায়েন্স কমিউনিকেচন্সৰ প্রাক্তন ডিৰেক্টৰ পুণিত গর্গ আদালতৰ দ্বাৰস্থ হয়। সেই গোচৰত আজি আদালতত বেংকে কয়, পুঁজিৰ হেৰাফেৰৰ উপৰি অন্যান্য দুর্নীতিৰ উমান অডিটৰ সময়ত তেওঁলোকে পাইছে।