অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক যোৱা ১১ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
আঞ্চলিক সন্থাৰ সম্পাদক বিশ্বজিত দেৱনাথে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ময়জ্যোতি শৰ্মাই। সভাত বোকাখাতক এখন পৰ্যটক নগৰী হিচাপে গঢ়ি তোলা, বোকাখাতত জিলা পুথিভঁড়ালৰ নিৰ্মাণ, বোকাখাতত চিকিৎসা মহাবিদ্যালয় আৰু বি এড মহাবিদ্যালয় স্থাপন, ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ যোৱা পথটো পকীকৰণ কৰা, লগতে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য সম্পন্ন কৰাৰ সম্পৰ্কত প্ৰস্তাৱ গ্ৰহণ কৰি বিহিত ব্যৱস্থাৰ বাবে বোকাখাতৰ মহকুমাধিপতি, বোকাখাত পৌৰ সভাৰ পৌৰপতিলৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাত উপস্থিত থাকি উদ্দেশ্য বাখ্যা সন্দৰ্ভত বক্তব্য ৰাখি বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া আৰু প্ৰাঞ্জল শৰ্মা আৰু বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সত্যব্ৰত ভূঞাই নৱ নিৰ্বাচিত সমিতিখনক শুভেচ্ছা জনায় আৰু শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু সাংগঠনিক দিশ সন্দৰ্ভত সন্থাৰ দৃষ্টিভংগী ডাঙি ধৰে। সভাত আৰু উপস্থিত থাকে দিব্যজ্যোতি গগৈসহ ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ ৫১ গৰাকী বিষয় ববীয়া আৰু সদস্য।