ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম পালেহি কোভিড ভেকচিন । স্পাইট জেটৰ এখন বিমানেৰে কঢ়িয়াই অনা হ’ল ভেকচিন । মঙলবাৰ দিনৰ ভাগত আহি গুৱাহাটী পায়হি কোভিড ভেকচিন । দেশৰ দুই স্থানলৈ প্ৰথমবাৰৰ বাবে ভেকচিন প্ৰেৰন কৰা হৈছিল ।
সমগ্ৰ দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰোনাৰ ভেকচিনৰ টিকাকৰন । সেয়েহে এই ভেকচিন সমূহ এতিয়া দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ।
অসমত প্ৰথম ক’ৰোনা আক্ৰান্ত ৰোগী ধৰা পৰিছিল ৩১ মাৰ্চ ২০২০ ত ।সকলোৱে আশা কৰিছিল কোভিড ভেকচিন বজাৰলৈ অহাৰ লগে লগে কোভিডৰ শংকা ওৰ পৰিব ।
ইতিমধ্যে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১১ জানুৱাৰী ২০২১ ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সমূহৰ সৈতে কোভিড প্ৰদান কৰা সন্দৰ্ভত অনলাইন যোগে এক আলোচনাত মিলিত হৈছিল ।
দেশৰ প্ৰতিজন লোকে অধিক আগ্ৰহেৰে বাট চাই আছিল কোভিড ভেকচিনলৈ । প্ৰথম পৰ্যায়ত প্ৰায় ৩ কোটি লোকক কোভিড ভেকচিন প্ৰদান কৰিবলৈ সাজু হৈছে চৰকাৰ ।
শেষতীয়াকৈ কোভিড ভেকচিন প্ৰস্তুতেৰে সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিলে । কোভিড ভেকচিন কাক প্ৰথমে দিয়া হ’ব আৰু কি ধৰনে এই ভেকচিন প্ৰদান কৰা হ’ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিব ।