ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী মহানগৰীত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যিক পৰিবহন নিগমে আৰম্ভ কৰা বিনামূলীয়া গোলপীয়া বাছসমূহ আজি নিগমৰ অধ্যক্ষ অশোক ভট্টাচাৰ্যই পৰ্যবেক্ষণ কৰে।যাত্ৰী সকলৰ পৰা মতামত গ্ৰহণ কৰা লগতে বাছসমূহ মহিলা-জ্যেষ্ঠ নাগৰিকক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে।
গুৱাহাটী গণেশগুৰিত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে ভট্টাচাৰ্য্য।উল্লেখ যাত্ৰীৰ লগতে অধ্যক্ষ গৰাকীয়ে কিছুদূৰ যাত্ৰা কৰে বাছত।
যোৱা ৯ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে গোলপীয়া বাছসেৱা।
মহানগৰীত বৰ্তমান ২৫খন বিনামূলীয়া গোলপীয়া বাছ চলাচল কৰি আছে।
বাছসেৱা পয্যবেক্ষণ কৰি অধ্যক্ষ গৰাকীয়ে কয়- যাত্ৰীয়ে আদৰি লৈছে ভ্ৰমণ সাৰথি বিনামূলীয়া বাছসেৱা।যিসকলে বিনামূলীয়া গোলপীয়া বাছসেৱা বিষয়ে জনা নাই তেওঁলোকৰ বাবে লোৱা হব অধিক প্ৰচাৰৰ ব্যৱস্থা।
গুৱাহাটী চিটিবাছ সেৱা সমান্তৰাল কৈ চলাচল কৰিব লগা বাছসমূহ ৰাইজৰ সুবিধা হোৱাকৈ চিটিবাছ সেৱা চলাচল কৰা সময়লৈকে চলি থাকিব- ভট্টাচাৰ্য লগতে কয়।
পৰৱৰ্তী পৰ্যায়ত গোলপীয়া বাছ সেৱা আৰু বুদ্ধি হব বুলিও তেওঁ জানিবলৈ দিয়ে।
যাত্ৰীসকলক আহ্বান জনায় কয় বাছসমূহ চাফ-চিকুণ কৰাত যাত্ৰী সকলৰ দায়িত্ব আছে।