ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৪০ জনকৈ ব্যক্তি ৷
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৫৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইফালে, যোৱা ২৪ ঘন্টাত ৰাজ্যত মৃত্যু হৈছে এজন লোকৰ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৭৪৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৪০৭১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১২৬৭২ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৬৫ গৰাকীলৈ বৃদ্ধি পালে।