নিউজ ডেক্স:
আজিৰে পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হ’ব ক’ৰোনা টীকাকৰণ। তাৰ ঠিক আগতে টীকাকৰণ সংক্রান্তীয় কেইবাটাও নির্দেশনা প্রকাশ কৰিছে কেন্দ্রই। ৰাজ্যসমূহলৈও সেই নির্দেশনা প্ৰেৰণ কৰা হৈছে। তাত উল্লেখ আছে, কি কি কৰিব পাৰিব আৰু কি কি নোৱাৰিব।
তাৰ ভিতৰত উল্লেখযোগ্য হ’ল, অন্তঃসত্ত্বা মহিলা আৰু শিশুক স্তন্যপান কৰোৱা মহিলাসকলে টীকা ল’ব নোৱাৰিব। আনকি শিশুসকলকো টীকা দিব পৰা নাযাব।
কাৰণ হিচাবে কোৱা হৈছে, এই তিনি শ্রেণীৰ ওপৰত কৰোনা ভেক্সিনৰ ক্লিনিকেল ট্রায়েল চলোৱা হোৱা নাই। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা যি নির্দেশনা প্রকাশ কৰা হৈছে, তাত এই কথাবোৰ স্পষ্টকৈ কোৱা হৈছে।
উল্লেখ্য, শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টীকাকৰণ কাৰ্যসূচীত দেশৰ ৩ হাজাৰ ৬টা কেন্দ্রত প্রায় ৩ লক্ষ স্বাস্থ্যকর্মীক এই পৰ্যায়ত টীকা দিয়া হ’ব বুলি জনাইছে চৰকাৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে শনিবাৰে দেশৰ বৃহত্তম টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।