নিউজ ডেস্কঃ
গাঁও পঞ্চায়েতৰ নির্বাচনত জয়ী হৈছে স্বামী। সেয়ে আনন্দতে তেওঁক কান্ধত তুলি সমগ্ৰ গাঁও ঘূৰালে পত্নীয়ে। অভিনব এই ঘটনাটি ঘটিছে মহাৰাষ্ট্রৰ পুনে জিলা খেদ এলেকাৰ পালু গাঁৱত।
স্থানীয় সূত্রে জানিব পৰা গৈছে, সম্প্রতি অনুষ্ঠিত মহাৰাষ্ট্রৰ গাঁও পঞ্চায়ত নির্বাচনত জাকমাট্টা দেৱী গ্রামবিকাশ জোটৰ হৈ নিৰ্বাচন খেলিছিল পালু গাঁৱৰ সন্তোষ গৌৰৱে। উক্ত নিৰ্বাচনত ২২১টি ভোট লাভ কৰি নিজৰ প্রতিপক্ষক ৪৪ ভোটত পৰাজিত কৰে সন্তোষে। এই খবৰ পোৱাৰ পিছতেই আনন্দত মতলীয়া হয় তেওঁৰ পত্নী ৰেণুকা সন্তোষ গৌৰৱ। তাৰ পিছত স্বামীক নিজৰ কান্ধত তুলি সমগ্ৰ পালু গাঁও ঘূৰায়। ছচিয়েল মিডিয়াত এই ছবি ভাইৰেল হোৱাৰ লগে লগেই তেওঁৰ প্রশংসাত পঞ্চমুখ হয় নেটিজেনৰ একাংশ। এই ঘটনাক পতিভক্তিৰ উদাহৰণ বুলিও উল্লেখ কৰিছে তেওঁলোকৰ মাজৰ কোনো কোনোৱে।