নিউজ ডেস্কঃ
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দেশজুৰি ধন সংগ্রহত নামিছে বিশ্ব হিন্দু পৰিষদ আৰু ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সদস্যসকল। এই কাৰ্য্যসূচী সফল কৰাৰ বাবে নিৰন্তৰ প্রচাৰ চলোৱা হৈছে। ইয়াৰ মাজতেই ভুৱা সংগঠন গঠন কৰি মানুহক ভুল বুজাই ৰাম মন্দিৰ নিৰ্মাণৰ ধন সংগ্ৰহৰ অভিযোগ উঠিল পাঁচজন ব্যক্তিৰ বিৰুদ্ধে। ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ পিলভিট জিলাত।
স্থানীয় সূত্রে জানিব পৰা মতে, ৰাম মন্দিৰ নিৰ্মাণৰ ধন সংগ্রহৰ বাবে দেশব্যাপী কাৰ্যসূচী লৈছে বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছে। ন্যূনতম ১০ টকাৰ পৰা লাখ লাখ টকা জমা হৈছে এই সংক্রান্ত পুঁজিত। ইয়াৰ মাজতেই পিলভিটৰ সানগাৰহি থানাৰ অন্তর্গত কলা মন্দিৰ এলেকাৰ পাঁচজন ব্যক্তিয়ে ভুৱা একটি সংগঠন সৃষ্টি কৰি নকল ৰচিদ দি ধন সংগ্ৰহ কৰা বুলি অভিযোগ পোৱা যায়। ইয়াৰ পিছতেই পিলভিট জিলাৰ বিশ্ব হিন্দু পৰিষদৰ সভাপতি আৰু পাঁচজন ব্যক্তিৰ নামত সানগাৰহি আৰক্ষী থানাত এটি অভিযোগ দাখিল কৰে। তাৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।