ৰাজ্যত বিধানসভা নিৰ্বাচন সমাগত। দিন-ক্ষণ ঘোষণা নহ’লেও ক্ৰমাৎ গৰম হৈছে ৰাজনৈতিক পৰিবেশ। সেই উত্তেজনাৰ পাৰা আৰু ঊৰ্ধগামী কৰি কাইলৈ শনিবাৰে প্রধানমন্ত্রীয়ে কৰিব অসম ভ্ৰমণ। শনিবাৰে শিৱসাগৰত এক সভাত আনুষ্ঠানিকভাবে এক লাখ ভূমিহীন লোকক পট্টা প্ৰদান কৰিব নৰেন্দ্র মোদীয়ে।
২০১৬ চনত অসমৰ নির্বাচনৰ সময়ত বিজেপিৰ শ্লোগান আছিল, ‘জাতি, মাটি আৰু ভেটি’। বিজেপিৰ দাবী, ক্ষমতালৈ অহাৰ পিছৰ পৰাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃ্ত্বত সেই শ্লোগানকে সন্মুখত ৰাখি কাম আগবাঢ়িছে। ইতিমধ্যে ১ লাখ ১০ হাজাৰ মানুহক পট্টা দিয়া হৈছে। প্রধানমন্ত্রীয়ে আৰু ১ লাখ উপভোক্তাৰ হাতত মাটিৰ পট্টা তুলি দিব। ইয়াৰ উপৰি জাতিগত প্ৰমাণ-পত্রও দিব প্রধানমন্ত্রীয়ে।
শনিবাৰে ঐতিহাসিক জেৰেঙা পথাৰত এইসকল লোকৰ হাতত ভূমি পট্টা তুলি দিব মোদীয়ে।