নিউজ ডেস্কঃ
জার্মান বিলাসবহুল গাড়ী নির্মাতা বিএমডব্লিউই এই বছৰ ভাৰতত ২৫খন নতুন গাড়ী প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে, যিয়ে আৰু অধিক গ্রাহকক বজাৰলৈ আকর্ষণ কৰিব। কোম্পানীটোৱে বৃহস্পতিবাৰে বিএমডব্লিউ ৩ চিৰিজ গ্রান লিমুজিন আৰম্ভ কৰিছে, যাৰ মূল্য ৫১.৫ লাখৰ পৰা ৩৩.৯ লাখ টকা। আশা কৰা হৈছে যে এই বছৰ ভাৰতত চাহিদা বৃদ্ধিৰ কাৰণে বিক্ৰী যোৱা বছৰৰ তুলনাত দুগুণ হ’ব।
বিএমডব্লিউ গ্রুপ ভাৰতৰ সভাপতি, বিক্রম পাওৱাহে পিটিআইক জনাইছে, “কৰোনা ভাইৰাছৰ প্রভাবত প্রায় সম্পূৰ্ণ ২০২০ চনত ব্যৱসায়ত মন্দা দেখা দিছে। আশা কৰিছোঁ এইবাৰ বিগত বছৰৰ প্রায় আঠ মাহৰ তুলনাত বৃদ্ধি পাব।”
কোম্পানীটোৱে জনাইছে যে “বিএমডব্লিউ গ্রুপে ভাৰতত ২৫খন নতুন গাড়ী বজাৰলৈ আনিব। ইয়াৰ ভিতৰত আঠখন নতুন আৰু কেইবাখনেও ফেছলিফ্টসহ আঠখন নতুন ৰূপত থাকিব।”