২৩ তাৰিখে অসমত উপস্থিত হ’বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ শুক্ৰবাৰে এক টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে অসমীয়াতে এই কথা প্ৰকাশ কৰি লিখে যে ‘কাইলৈ পুৱা মই অসমৰ জনসাধাৰণৰ মাজত থাকিম। শিৱসাগৰৰ এক অনুষ্ঠানত ১.০৬ লাখ ভূমি পট্টা/আৱণ্টনৰ প্ৰমাণ-পত্ৰ বিতৰণ কৰা হ’ব। মহান ৰাজ্য অসমৰ অধিকাৰ আৰু অনন্য সংস্কৃতি ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।’
অসমৰ অধিকাৰ ৰক্ষাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে তেখেতৰ উক্ত টুইটাৰ প’ষ্টটোত । কিন্তু অসমবাসীয়ে অসমচুক্তিৰ ৬নং দফা আখৰে আখৰে পালন কৰিবলৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ অতদিনে উত্থাপন কৰি অহা দাবীৰ প্ৰতি তেখেতৰ কোনো ভ্ৰূক্ষেপ দেখা নগ’ল, য’ত পাঁচজনকৈ প্ৰতিবাদকাৰী শ্বহীদ হ’ল ৷ কেন্দ্ৰৰ কাৰ্যত ক্ষোভিত অসমবাসীৰ প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ এয়াই নেকি তেখেতৰ প্ৰতিশ্ৰুতি অসমৰ ৰাইজৰ অধিকাৰৰ হকে ?