নিউজ ডেস্কঃ
চৰকাৰী কৰ্মচাৰীৰ বাবে আহি আছে এটা ভাল খবৰ ৷ অহা এপ্ৰিল মাহৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহাৰ লগতে অন্যান্য ভাট্টাসমূহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰিপ’ৰ্টত আৰু জনোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলে DA লাভ কৰিবলৈ অহা জুনলৈ হয়তো অপেক্ষা কৰিব নালাগিব পাৰে ৷ অনতিপলমে ৪ শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, সপ্তম দৰমহা আয়োগৰ নিয়মমতে বৃদ্ধি পাব পাৰে DA।
২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৪ শতাংশ DA বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বৰ্তমান Basic pay বা পেঞ্চনৰ ১৭ শতাংশ DA হিচাপে দিয়া হয়। এই ১৭ শতাংশৰ লগত আৰু ৪ শতাংশ DA দিয়াৰ ঘোষণা হৈছিল। ফলত ১৭ শতাংশৰ পৰা DA বৃদ্ধি হৈ ২১ শতাংশ হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী। ইয়াৰ বাবে অতিৰিক্ত ১৪,৫৯৫ কোটি টকাৰ প্ৰয়োজন হ’ব।