ষ্টাফ ৰিপ’ৰ্টাৰ:
সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত ধুবুৰীৰ গোলকগঞ্জৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ প্ৰাংগনত ভাৰত-বাংলাদেশ ভাতৃত্বৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ দেওবাৰে “ভাৰত-বাংলাদেশ মৈত্ৰী চাইকেল ৰেলী” সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উল্লেখ যোগ্য যে, বাংলাদেশৰ বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষত তেখেতক শ্ৰদ্ধা জনাই পশ্চিমবংগৰ কলিকতাৰ পৰা আৰম্ভ হৈছিল এক চাইকেল ৰেলীৰ আৰু দেওবাৰে ধুবুৰীৰ সোনাহাটত আহি উপস্থিত হয় ৷
উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সীমান্ত সুৰক্ষা বাহিনীৰ উপ মহাপৰিদৰ্শক (ডি আই জি )জয় চন্দ্ৰ নায়কৰ লগতে বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ লেফটনেন্ট কৰ্নেল জামাল হুছেইনে তেৰ জনীয়া চাইকেল আৰোহীৰ দলটোক সম্বৰ্ধনা জনায়।











