ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোণা কালৰ সাধাৰণ বাজেটঃ

ASSAM TIMES POST by ASSAM TIMES POST
February 1, 2021
Reading Time: 1 min read
A A
0
ক’ৰোণা কালৰ সাধাৰণ বাজেটঃ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

বিশেষ প্ৰতিবেদন:

বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা ক’ভিডে জনসাধাৰণৰ লগতে ভাৰতীয় অৰ্থনীতিতো ঋণাত্মক প্ৰভাৱ পেলাইছে। সেই প্ৰসংগক্ৰমেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২১-২২ বৰ্ষৰ দাখিল কৰে সাধাৰণ বাজেট; মেড ইন ইণ্ডিয়াৰ এক টেবলেট লৈ ৰাতিপুৱাই সংসদ ভৱনত উপস্থিত হয় বিত্তমন্ত্ৰী গৰাকী।

ৰাষ্ট্ৰপতিক সাক্ষাত আৰু মোডী কেবিনেটে ইতিমধ্যে এই বাজেটত অনুমোদন প্ৰদান কৰে। বিৰোধীৰ প্ৰতিবাদ আৰু তাৰ মাজতেই ১১.০৪ বজাৰ পৰা তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণ আৰম্ভ কৰে। বিগত বৰ্ষটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল আৰু তাৰ মাজতে কঠিন সময়তে বাজেট দাখিল কৰিবলগীয়া হৈছে।

ক’ৰোণা ভাইৰাছৰ কালছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে দৰিদ্ৰ জনতাক গেছ খাদ্য আদি ব্যৱস্থা কৰি দিছিল বাবেই তেওঁ লগতে উল্লেখ কৰে যে, মোডী চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰতৰ পেকেজৰ লগতে আন বহু আঁচনি দেশবাসীৰ বাবে হাতত ল’ব লগা হৈছিল।

আত্মনিৰ্ভৰশীল ভাৰতৰ এই পেকেজৰ ২৭.১লাখ কোটি টকা ৫ খন মিনি বাজেটৰ সমান। বিশ্বৰ অৰ্থনীতিয়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে এই সংকটৰ কালচোৱাত মোডী চৰকাৰে কৃষকৰ আয় দুগুণ কৰা, উন্নয়নৰ গতি দ্ৰুত কৰা আৰু সাধাৰণ লোকৰ সহায় কৰাত মনোনিৱেশ কৰিছিল।

ক’ৰোনা প্ৰতিষেধকৰ বাবে এই বাজেটত ৩৫ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে বুলি কোৱাৰ লগতে স্বাস্থ্যখণ্ডত বাজেটৰ ধনৰাশি ১৩৭ শতাংশ বৃদ্ধি কৰা বুলিও তেওঁ জনায়।

আনহাতে, দেশত ৭খন টেক্সটাইল পাৰ্ক নিৰ্মাণৰ ঘোষণা কৰাৰ লগতে বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, বস্ত্ৰ উদ্যোগত যাতে ভাৰতে ৰপ্তানি কৰিব পাৰে তাৰ বাবে এই ৭খন পাৰ্ক ৩ বছৰৰ ভিতৰত নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। সন্মুখত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিও যেন বাজেটত চকু দিছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ উপৰিও বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, তামিলনাডুৰ বাবে ১.০৩লাখ কোটি টকীয়া প্ৰকল্পৰ কথা, কেইবাটাও ইক’নমিক কৰিডৰ স্থাপন, কেৰালাত ৬৫হাজাৰ কোটিটকীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাঁণ, মুম্বাই- কন্যাকুমাৰী ইকনমিক কৰিডৰ ঘোষণা।

পশ্চিমবংগ-কলকতা-শিলিগুৰিৰ পথ উন্নীতকৰণ কৰাৰ উপৰিও অসমত অহা ৩ বছৰলৈ ঘাইপথ নিৰ্মাণ আৰু ইকনমিক কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত ৰাজহুৱা বাছ সেৱাৰ বাবে ১৮হাজাৰ কোটি টকা, শক্তি খণ্ডৰ আন্তঃগাথনি উন্নয়নৰ বাবে ৩.০৫লাখ টকা ব্যয়ৰ প্ৰস্তাৱ ৰাখে।

অপৰম্পৰাগত শক্তি খণ্ডৰ উন্নয়নৰ বাবে ২৫হাজাৰ কোটি টকা ধাৰ্য কৰা হোৱাৰ লগতে এই বাজেটত কৰা আন এক উল্লেখযোগ্য ঘোষণা হৈছে যান-বাহনৰ ক্ষেত্ৰত স্কেপ নীতি ।

ব্যক্তিগত যান-বাহনসমূহ এতিয়াৰে পৰা ২০ বছৰ চলাব পাৰিব। তাৰপিছত ফিটনেছ টেষ্ট কৰাব লাগিব বাহনসমূহ। আনহাতে, বাণিজ্যিক বাহনৰ ক্ষেত্ৰত সেই সময়সীমা হৈছে ১৫ বছৰ।

এইবাৰ বাজেটত ৰেলৱে খণ্ডৰ বাবে ১লাখ ১০হাজাৰ কোটি টকা ধাৰ্য কৰিছে। বীমা খণ্ডত পোনপতীয়া বিদেশ বিনিয়োগ ৪৯ শতাংশৰ পৰা ৭৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

লগতে, আত্মনিৰ্ভৰ ভাৰতৰ বাবে ধাৰ্য কৰা বাজেট মুঠ ঘৰুৱা উৎপাদনৰ ১৩ শতাংশতকৈ অধিক। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ মতে দেশৰ ৮০কোটি লোকক চৰকাৰে খাদ্য যোগান ধৰিছিল। উজ্বলা আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ কথাও বাজেটত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিলে। ইয়াৰ ফলত ১কোটিৰো অধিক লোক লাভৱান হ’ব বুলিও তেওঁ কয়। বিশ্বৰ ১০০খন দেশক ভাৰতে ক’ৰোনা ভেকচিন যোগান ধৰিব।ৱ

চৰকাৰী বেংকসমূহলৈ ২২হাজাৰ কোটি টকা ধাৰ্য। জল জীৱন মিছনৰ বাবে ২.৮৭লাখ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে। এইবাৰৰ বাজেটত নিৰ্মাণ খণ্ডৰ বাবে ১.৯৭লাখ কোটি, নিবিনিয়োগ খণ্ডৰ বাবে ১.৭৫লাখ কোটি ধাৰ্য কৰা হৈছে। এক ৰাষ্ট্ৰ, এক ৰেচন নীতিৰে চলিব দেশৰ। প্ৰৱাসী শ্ৰমিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰা, ২০৩০ লৈ নতুন ৰাষ্ট্ৰীয় ৰেল নীতি ঘোষণা, ২৭খন চহৰত মেট্ৰ ৰেলৰ বাবে কাম চলি থকা আৰু আন সৰু সৰু চহৰতো মেট্ৰ ৰেলৰ ব্যৱস্থাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।

বাজেটত ঘৰুৱা উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়া হৈছে আৰু এতিয়াৰে পৰা বিজুলী যোগান ধৰা প্ৰতিষ্ঠান গ্ৰাহকে নিজেই নিৰ্বাচন কৰিব পাৰিব। হাইড্ৰ কাৰ্বন এনাৰ্জী মিছনৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।

দেশৰ ব্যক্তিগত খণ্ড উতপাদন বৃদ্ধি, নতুন ইকনমিক কৰিডৰ স্থাপন, চাৰিটাকৈ নেচনেল ইনষ্টিউট অৱ ভায়লজি স্থাপনৰ লক্ষ্য, জনজাতীয় এলেকাত একলব্য প্ৰতিষ্ঠান স্থাপন, উচ্চ শিক্ষা আয়োগ গঠন এই বাজেটৰ অন্য এক উল্লেখযোগ্য দিশ।

এইবাৰ বাজেটত চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ১০০০হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। ক্লিন ইণ্ডিয়াৰ বাবে ১.৪১লাখ কোটি, এম এছ এ মি খণ্ডৰ উন্নয়নৰ বাবে ১৫হাজাৰ ৭০০কোটি, ১০০খন নতুন সৈনিক স্কুল স্থাপন, ১৪০০ উচ্চস্তৰীয় বিদ্যালয় স্থাপন, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ জনজাতি আৰু জনজাতীয় শিক্ষাৰ্থীৰ বাবে জলপাণি, সকলো স্তৰীয় ব্ৰজগজ ৰেল পথৰ বাবে বিদ্যুত সংযোগ ঘোষণাও কৰা হৈছে। ৭৫বছৰ উৰ্ধৰ জ্যোষ্ঠ নাগৰিকৰ বাবে আয়কৰ ৰেহাই এই বাজেট ভাষণত উল্লেখ কৰে।

অৱশ্যে, সেই ৰেহাই কেৱল পেঞ্চন প্ৰাপ্ত লোকেহে লাভ কৰিব আৰু বাজেটত কৃষকৰ বাবেও বহুকেইটা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। এইবাৰ বাজেটত আয়কৰ ৰেহাইৰ স্লেপ সলনি কৰা নাই। আৰু লগতে শেহতীয়া বাজেটত বিত্তীয় ঘাটিৰ পৰিমাণ চলিত বিত্তীয় বৰ্ষত ৯.৫শতাংশ হব বুলি আশংকা কৰা হৈছে।

ডিজিটেল পদ্ধতিত লোকপিয়লৰ বাবে বাজেটত ৩,৭,২৬কোটি টকা ধাৰ্য কৰা হৈছে। ডিজিটেল পেমেন্টৰ বাবে ১৫কোটি টকা, LIC, IPO, আত্মনিৰ্ভৰ স্বাস্থ্যৰ আচনিৰ বাবে ৬৪,১৮০কোটি টকা ঘোষণা কৰে।

বিত্তমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, এই বাজেট মুঠ ৬ টা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ স্বীকাৰ কৰে এইবাৰৰ বাজেট প্ৰস্তুতকৰণৰ সন্মুখীন হোৱাৰ দৰে পূৰ্বে তেনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল। এইবাৰ বাজেটত স্বাস্থ্যখণ্ডৰ পূৰ্বৰ ৯৪হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি কৰি ২.৩৮লাখ কোটি টকা কৰা হৈছে।

কিন্তু এই বাজেটৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী পক্ষই। কংগ্ৰেছ নেতা শশী থাৰুৰে বাজেটৰ সন্দৰ্ভত কয় যে, এইখন বাজেট সেই গেৰেজ মেকানিকজনৰ দৰে হৈছে বুলি কোৱাৰ উপৰিও কয় যে যিজন গ্ৰাহকৰ গাড়ীৰ ব্ৰেক ঠিক কৰিব নোৱাৰি কয়- মই আপোনাৰ গাড়ীৰ ব্ৰেক ঠিক কৰিব নোৱাৰিলো যদিও হৰ্ণটোৰ চাউণ্ড ঠিক কৰি দিছো।

বাজেটত উল্লেখ থকা মতে, এইবাৰ ৬.৮কোটি লোকে আয়কৰ দিছে। বাজেটৰ পাছত দাম হ্ৰাস পাব সোণৰ, জোতা, ৰূপ, লোহা-ষ্ট্ৰীল জাতীয় সামগ্ৰীৰ। আনহাতে শুল্ক বৃদ্ধিৰ ফলত, মোবাইল ফোন, চাৰ্জাৰ, ইলেক্টনিক সামগ্ৰী, অটো পাৰ্টছ, এ চি আদিৰ মূল্য বৃদ্ধি পাব।

Tags: Featured
Share4Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

by News Desk
July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

by News Desk
July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx