বিশেষ প্ৰতিবেদন:
কিউবা আৰু আমেৰিকাৰ ফ্ল’ৰিডাৰ মাজতেই অৱস্থিত বাহামাছ দ্বীপপুঞ্জ। তাৰেই এক অংশত আছে সৰু দ্বীপ এই ‘এঙ্গুইলা কে’। তাতেই আৱদ্ধ হৈ আছিল কিউবাৰ বাসিন্দা দুজন পুৰুষ আৰু এগৰাকী মহিলা তেত্ৰিশ দিন ধৰি।
তেওঁলোকে জনোৱা অনুসৰি, নাও ডুবি গৈছিল তেওঁলোকৰ। যেনে তেনে সাঁতুৰি গৈ সেই দ্বীপত উঠিছিল তিনিও গৰাকী ব্যক্তি। জনশূন্য দ্বীপটোত নাৰিকল গছ আৰু সৰু সৰু জোপোহা জঙ্ঘলৰ বাহিৰে একোৱেই নাছিল।
বাধ্যত পৰিয়েই এক মাহ ধৰি তেওঁলোকে নাৰিকল খায়েই জীৱন ধাৰণ কৰি আছিল। আমেৰিকান সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শেষলৈ তেওঁলোকে এন্দুৰ আৰু শামুক খোৱাও আৰম্ভ কৰিছিলে ৷
উদ্ধাকাৰীৰ চকুত পৰিবলৈ এখন পতাকা এঙ্গুইলা কে দ্বীপত পুতি ৰাখিছিল। অৱশেষত উদ্ধাৰকাৰী উপকূলৰক্ষীৰ চকুত পৰে সেই পতাকা। হেলিকপ্টাৰ অলপ তললৈ আনি লক্ষ্য কৰাত উদ্ধাৰকাৰীৰ দলটোৱে বুজি উঠে কোনোবা বিপদত পৰিছে। জৰুৰীকালীন ভাৱে হেলিকপ্টাৰৰপৰা খাদ্য, পানী আৰু এটা ৰেডিঅ’ তললৈ পেলাই দিয়া হয়।
দ্বীপত বন্দী ব্যক্তি কেইগৰাকীৰ সৈতে উপকূলৰক্ষীসকলৰ ভাষাৰো ব্যৱধান আছিল। শেষত সকলো বাধা অতিক্রম কৰি মঙ্গলবাৰে তিনিওজনকে উদ্ধাৰ কৰি লৈ যোৱা হয় ফ্ল’ৰিডাৰ চিকিৎসাকেন্দ্রলৈ ।একমাহ কি দৰে দ্বীপটোত তেওঁলোকে কটালে,সেই লৈ প্ৰচুৰ চর্চা হৈছে।