ষ্টাফ ৰিপ’ৰ্টাৰ:
সোণাপুৰত নিশা তীব্র উত্তেজনা। তীব্রবেগী ডাম্পাৰৰ খুণ্ডাত নিহত ষ্কুটী আৰোহী । ফ্লাইৱাছ কঢ়িওৱা ডাম্পাৰৰ খুণ্ডাত নিহত ৰূপক সন্দিকৈ(২৩) মৃত্যুক লৈ এই উত্তেজনা।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS01EA5933 আৰু স্কুটীখনৰ নম্বৰ AS01GC3845 । নিশা এঘাৰ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত হোৱাৰ পাছতে ডাম্পাৰৰ চালকজন পলায়ন কৰে।
মূলত: কমলাজাৰিৰ ৰেল ষ্টেচনৰ পৰা একাংশ ফ্লাইৱাছ কঢ়িওৱা ডাম্পাৰ চালকৰ নিশা দৌৰাত্ম চলোৱাৰ অভিযোগ স্থানীয় লোক আৰু দল সংগঠনৰ। ঘটনাস্থলীত আৰক্ষী-অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ।