
তেলেংগানা দুৰ্নীতি নিবাৰক ব্যুৰো (Telangana Anti-Corruption Bureau)ৰ (এচিবি) অনুসন্ধানত এজন চৰকাৰী বিষয়াৰ গোপন স্থানৰ (secret place of the government officer) পৰা উদ্ধাৰ হৈছে বিপুল পৰিমাণৰ (Huge amount of rescue) নগদ ধন আৰু গহনা (Cash and jewelry)। অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত দ্বিতীয় পৰ্যায়ৰ তালাচী চলাওঁতে তদন্তকাৰী বিষয়াসকলৰ চকু কপালত উঠে।
এচিবিৰ সূত্ৰ অনুসৰি, হায়দৰাবাদৰ শালিবাণ্ডা অঞ্চলৰ কানাড়া বেংকৰ এটা শাখাত থকা দুটা লকাৰৰ পৰা প্ৰায় ১.৫ কোটি টকা নগদ ধন, ১২খন সোণৰ বিস্কুট আৰু প্ৰায় দুই কেজি সোণ আৰু হীৰাৰ গহনা উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা প্ৰতিখন সোণৰ বিস্কুটৰ ওজন ১০০ গ্ৰাম। এই লকাৰ দুটা অভিযুক্ত চৰকাৰী বিষয়াৰ পত্নীৰ নামত আছিল।

দুৰ্নীতিৰ অভিযোগত অভিযুক্ত বিষয়াগৰাকীৰ নাম সুনকাৰী নৰহৰী ৰাও (Sunkari Narhari Rao)। তেওঁ জৰীপ আৰু ভূমি ৰেকৰ্ডৰ (মাল্টি জ’ন-২) উপ-সঞ্চালক হিচাপে কাম কৰি আছে। ইয়াৰ পূৰ্বে ১৬ জুনত দুৰ্নীতি নিবাৰক শাখাই প্ৰথমবাৰৰ বাবে তেওঁৰ ঘৰত তালাচী অভিযান চলাইছিল। সেই সময়ত তদন্তকাৰীয়ে তেওঁৰ পৰা প্ৰায় ১৩.৫ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰে। তাৰ পিছত আদালতৰ পৰা বিশেষ ছাৰ্চ ৱাৰেণ্ট লাভ কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত পত্নীৰ বেংকৰ লকাৰ খুলি এই বিপুল পৰিমাণৰ গোপন ধন-সম্পত্তি পুনৰ উদ্ধাৰ কৰা হয়ল। সম্প্ৰতি অভিযুক্ত নৰহৰি ৰাও ন্যায়িক জিম্মাত আছে। এই বিপুল পৰিমাণৰ ধন-সম্পত্তিৰ উৎস আৰু ইয়াৰ আঁৰত আৰু কোনোবা ডাঙৰ চক্ৰ আছে নেকি সেই বিষয়ে জানিবলৈও এচিবিয়ে তীব্ৰ তদন্ত কৰি আছে।











