
শনিবাৰে সমগ্ৰ দেশে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস (80th Independence Day)। ব্যতিক্ৰম নহয় অসমতো। অসমৰ বিভিন্ন স্থানত (various places of Assam) উলহ-মালহেৰে উদযাপন (Celebrating with joy and excitement) কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। গুৱাহাটীৰ খানাপাৰাস্থিত (Khanapara in Guwahati) পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত জাতীয় পতাকা উত্তোলন (Raising the national flag) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma, CM)৷ ইয়াৰ পাছত তেওঁ স্বাধীনতা আন্দোলনৰ প্ৰতিগৰাকী যোদ্ধাক স্মৰণ কৰি ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ ভাষণৰ সাৰাংশ তল উল্লেখ কৰা হ’ল :
– বিগত ৫ বছৰত ৰাজ্যৰ অৰ্থনীতি ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে।
– আগন্তুক নৱেম্বৰ মাহৰ পৰা ছেমিকণ্ডাক্টৰ উদ্যোগৰ পৰা চিপছ উৎপাদন আৰম্ভ হ’ব।
– ২০২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকালৈ চ্যুকাফাৰ আগমনৰ ৮০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে বিশ্ববাসীৰ আগত চ্যুকাফাক দাঙি ধৰাৰ চেষ্টা চৰকাৰে কৰিব
– অসমত আৰু ৮ খন সমজিলাৰ ঘোষণা। কমলপুৰ, ৰঙানদী, চাবুৱা, লাহোৱাল, খুমটাই, বৰখলা, চিচিবৰ গাঁও আৰু বঢ়মপুৰ হ’ব নতুন সমজিলা।
– ১৮ বছৰ তলৰ শিশুৰ চিকিৎসা বিনামূলীয়া হ’ব।
– শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বানত হেৰোৱা ছন্দ পুনৰ ঘূৰাই অনা হ’ব।
– বন্দে মাতৰম গীতটোক কংগ্ৰেছৰ একাংশ নেতাই খণ্ডিত কৰিছিল আৰু এইবাৰ পুনৰ সম্পূৰ্ণ গীতটোক ভাৰত চৰকাৰে দাঙি ধৰিছে।

– লাভলীনা বৰগোঁহাই আৰু অস্মিতা চলিহালৈ অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন জনাই বহু লাভলীনা, অস্মিতা, হিমা, নয়নমণিক অসমে জন্ম দিব পাৰিব বুলি উল্লেখ।
– ৰাইজৰ বাবে চৰকাৰী বিষয়া-কৰ্মচাৰীসকল উৎসৰ্গিত হ’ব লাগিব।
– কটন বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটি টকা ঘোষণা।
– ১০০০ কৃষকক মু্খ্যমন্ত্ৰী কৃষি উৎকৰ্ষ বঁটাৰে সন্মানিত কৰাৰ কথা ঘোষণা।
– ৰাজ্যত যুৱ শক্তিৰ উন্নয়নৰ বাবে গঠনৰ কৰা হ’ব এটা নতুন বিভাগ।
– ৰাজ্যৰ ৪০ টা ৰাজহ চক্ৰত তিনিটা প্ৰজন্মৰ নথি-পত্ৰ থাকিলেহে মাটি কিনা-বেচা কৰিব পাৰিব।
– ৰাজ্যত অসম মালাৰ অধীনত নতুনকৈ ৬,০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।
– বিগত ৫ বছৰত বাল্যবিবাহৰ ১২,১৯৬ টা গোচৰ ৰুজু।
– বাল্যবিবাহত অভিযুক্ত ১,০৯৯ জনক গ্ৰেপ্তাৰ।
– ১ নৱেম্বৰৰ পৰা অসম আৰক্ষীয়ে পুনৰ এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাব।
– বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰ সৈতে সংসাৰ কৰা চৰকাৰী কৰ্মচাৰীসকলৈ সাৱধানবাণী।
– প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয়া পত্নীৰ সৈতে সম্পৰ্কৰ অভিযোগ আহিলে কৰ্তন কৰা হ’ব চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ২০ শতাংশ। এই ধন প্ৰদান কৰা হ’ব প্ৰথম পত্নীৰ বেংক একাউণ্টত।













