
কেইটামান দশকৰ পাছতে বিশ্বত এল নিনোৰ (El Nino) চৰম প্ৰভাৱ (Extreme impact) পৰিবলৈ ওলাইছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় বায়ুমণ্ডল প্ৰশাসনে দাবী কৰিছে যে ১৯৫০ চনৰ পৰা এল নিনোৱে ইমান প্ৰভাৱ পেলোৱা নাই। চলিত বৰ্ষৰ শেষৰ ফালে এল নিনোৰ প্ৰভাৱ তীব্ৰতৰ হ’ব। উত্তৰ গোলাৰ্ধত শীতকালত ই শিখৰত উপনীত হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।
মধ্য আৰু পূব প্ৰশান্ত মহাসাগৰৰ সাগৰৰ পৃষ্ঠৰ উষ্ণতাই আনুষ্ঠানিকভাৱে নিৰ্ধাৰিত স্তৰ অতিক্ৰম কৰিছে, যিটোক এল নিনো বুলি গণ্য কৰা হয়। পূৰ্বাভাস অনুসৰি, মধ্য প্ৰশান্ত মহাসাগৰত সাগৰ পৃষ্ঠৰ উষ্ণতা জুনৰ পৰা আগষ্টলৈকে বৃদ্ধি পাব। ইয়াৰ প্ৰভাৱৰ বাবে ভাৰতত বাৰিষা কম হ’ব পাৰে। তাপমাত্ৰাও বৃদ্ধি পাব পাৰে। কিছুমান ঠাইত খৰাঙো হ’ব পাৰে।
এল নিনো হৈছে স্পেনিছ ভাষাৰ এটা শব্দ। ইয়াৰ অৰ্থ ‘সৰু ল’ৰা’। সাধাৰণতে পূবৰ পৰা পশ্চিমলৈ বতাহ বলে, যিয়ে সাধাৰণতে উষ্ণ সোঁত ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ ফালে ঠেলি দিয়ে, হঠাতে দুৰ্বল হৈ পৰে। ফলত উষ্ণ সোঁত পূব দিশলৈ ঘূৰি আহি দক্ষিণ আমেৰিকাৰ উপকূলৰ কাষেৰে বৈ যায়। সেই সোঁতৰ প্ৰভাৱত মধ্য প্ৰশান্ত মহাসাগৰৰ এক বিশাল অংশ উষ্ণ হৈ পৰে। এটা উষ্ণ সোঁত বৈ যাবলৈ আৰম্ভ কৰে। ইয়াক এল নিনো বোলা হয়। কেইবাশ বছৰ আগতে দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰশান্ত মহাসাগৰত এই অস্বাভাৱিক সোঁতটো লক্ষ্য কৰিছিল। সেই সোঁতৰ নামকৰণ তেওঁলোকেই কৰিছিল।

শেহতীয়া খবৰ অনুসৰি, ২০২৬ চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত অতি শক্তিশালী বা ‘ছুপাৰ এল নিনো’ৱে তীব্ৰ ৰূপ ল’বলৈ গৈ আছে। ইয়াৰ প্ৰভাৱে সমগ্ৰ বিশ্বতে অভিলেখ সৃষ্টি কৰিব পাৰে। বিভিন্ন অঞ্চলত খৰাং, তীব্ৰ গ্ৰীষ্মপ্ৰৱাহ আৰু অস্বাভাৱিক বৰষুণৰ আশংকা আছে। সাধাৰণতে এল নিনোৰ প্ৰভাৱৰ বাবে বিশ্বৰ গড় উষ্ণতা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ফলত কিছুমান ঠাইত গ্ৰীষ্মপ্ৰৱাহ আৰু অস্বস্তিকৰ বতৰৰ আশংকা বৃদ্ধি পায়। দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ এছিয়াৰ কিছুমান অঞ্চলত পুনৰ স্বাভাৱিক বৰষুণৰ তাৰতম্য দেখা গৈছে। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব। অৱশ্যে এই বছৰ দক্ষিণ-পশ্চিম মোচুমীৰ প্ৰভাৱ শেষ হোৱাৰ পিছতহে ইয়াক বুজিব পৰা যাব।
কিন্তু ভাৰত মহাসাগৰ আৰু ভাৰতৰ আশে-পাশে থকা অঞ্চলসমূহত এল নিনোৰ প্ৰভাৱ কেইসপ্তাহমান পলমকৈ দেখা যায়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বৰ্তমানৰ বাৰিষালৈকে এল নিনোৰ প্ৰভাৱ অনুভৱ কৰা হোৱা নাই। কিন্তু তেওঁলোকৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে ২০২৬ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত এনে ‘ঐতিহাসিক পৰিঘটনা’ সংঘটিত হোৱাৰ সম্ভাৱনা ৬৯ শতাংশ। যিটোৰ তীব্ৰতাই ১৯৫০ চনৰ পৰা আৰম্ভ হোৱা পূৰ্বৰ এল নিনোৰ তীব্ৰতাক অতিক্ৰম কৰিব।
ভাৰতত এল নিনোৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰভাৱ পৰা বছৰবোৰত ভাৰতত গড় বৰষুণতকৈ কম বৰষুণ হয়। আকৌ দেশৰ গড় বৰষুণৰ পৰিমাণ ভাৰতীয় বাৰিষাৰ উপৰি কেইবাটাও সাগৰীয় আৰু বায়ুমণ্ডলীয় কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়।
ইতিমধ্যে এই বাৰিষাত ভাৰতত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। ১ জুনৰ পৰা ১৩ আগষ্টৰ ভিতৰত ৪৯১.৮ মিলিমিটাৰ বৰষুণ হৈছিল, যিটো স্বাভাৱিকতকৈ ১২ শতাংশ কম। জুন মাহত বৰষুণৰ ঘাটি আছিল ৩৫.৪ শতাংশ। জুলাই মাহৰ বৰষুণ স্বাভাৱিকৰ ওচৰা-ওচৰি আছিল।












