
অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত (Case of incomplete property) এলাহাবাদ উচ্চ ন্যায়ালয় (Allahabad High Court)ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে। উচ্চ ন্যায়ালয়ে চিবিআই আৰু ইডিক তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ তদন্তৰ নিৰ্দেশ দিছিল। এই গোচৰৰ শুনানি অহা ১৭ আগষ্টত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত থকা বিচাৰপীঠে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে কৰ্ণাটকৰ বিজেপি নেতা বিগনেশ সিছিৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ ৰুজু কৰিছিল। অভিযোগকাৰীয়ে উত্থাপন কৰা অভিযোগৰ কোনো ভিত্তি আছেনে নাই তাক তদন্ত কৰিবলৈ মে’ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল। ইয়াৰ পিছত উচ্চ ন্যায়ালয়ে এই তথ্য আইন অনুসৰি তদন্ত কৰিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক নিৰ্দেশ দিয়ে। লগতে কয় যে চিবিআই আৰু ইডিয়ে আইন অনুসৰি প্ৰয়োজনীয় পদক্ষেপো ল’ব পাৰে।

যোৱা ২০ জুলাইত এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰি চিবিআয়ে আদালতত শপতনামা দাখিল কৰে। কিন্তু শপতনামাত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে কয় যে শপতনামা প্ৰদান কৰা নিৰ্দেশনা অনুসৰি হোৱা নাই। আনকি উচ্চ ন্যায়ালয়ে এই গোচৰৰ চিবিআইৰ তদন্তৰ অগ্ৰগতিৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰে। তদন্তৰ অগ্ৰগতিৰ সবিশেষ তথ্য দি নতুনকৈ শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয় চিবিআইক। আদালতে কয় যে ইডিয়ে সঠিক পদক্ষেপ গ্ৰহণ কৰিছে। তদন্তত যদি কোনো ইংগিত পোৱা যায় তেন্তে তেওঁলোকে প্ৰয়োজনীয় পদক্ষেপ ল’ব পাৰিব।
কিন্তু এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৰাহুল গান্ধী। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ উপৰি কংগ্ৰেছ নেতাগৰাকীয়ে গোচৰটো দিল্লী উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰাৰ বাবে আবেদন দাখিল কৰিছে। ১৭ আগষ্টত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰ। আনহাতে, ২০ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰৰ তালিকা প্ৰস্তুত কৰিছে।












