
ঝাৰখণ্ডৰ প্ৰশ্নকাকত ফাদিল (Jharkhand’s question paper Leak) বিৰোধী আন্দোলনৰ সময়ত সংঘটিত হোৱা অশান্তিৰ সৈতে জড়িত ৩০০ ‘অচিনাক্ত ব্যক্তি’ৰ বিৰুদ্ধে (Against 300 ‘unknown persons’) এফআইআৰ দাখিল (FIR filing) কৰা হৈছে। ১০ আগষ্টত চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত বিধানসভা অভিযানৰ আহ্বান জনাইছিল প্ৰতিবাদকাৰীয়ে। ইয়াক দমন কৰিবলৈ লাঠিচালনা, কন্দুৱা গেছ আৰু পানীহিলৈ ব্যৱহাৰ কৰা হৈছিল। সেই ঘটনাক লৈ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ আৰক্ষীয়ে এইবাৰ ‘অচিনাক্ত’ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে।
ৰাঁচীৰ আৰক্ষী অধীক্ষক পৰশ ৰাণাই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, নিষেধাজ্ঞামূলক আদেশ উলংঘা কৰা, চৰকাৰী সা-সম্পত্তিৰ ক্ষতি কৰা আৰু আৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগত অচিনাক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। বৃহস্পতিবাৰে হাতিয়াৰ এছডিপিঅ’ নীৰজ কুমাৰে কয়, “ভিডিঅ’ ফুটেজৰ জৰিয়তে আক্ৰমণকাৰীক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।” ইয়াৰ পূৰ্বে ৰাঁচীৰ উপ আয়ুক্ত মঞ্জুনাথ ভজনত্ৰীয়ে দাবী কৰিছিল যে ১০ আগষ্টত বিধানসভা অভিযানৰ সময়ত সংঘটিত সংঘৰ্ষত ১৪ জন আৰক্ষী জোৱান আহত হৈছিল।

চৰকাৰী চাকৰি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ প্ৰতিবাদত বিগত ২০ দিন ধৰি ৰাঁচীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে চাকৰি প্ৰত্যাশীসকলে। যুৱ সমাজকৰ্মী দেবেন্দ্ৰনাথ মাহাতোৱে ২ আগষ্টৰ পৰা অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে। কিন্তু ৰাজ্যখনৰ জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিবাদকাৰীৰ প্ৰতি কোনো সহানুভূতি প্ৰকাশ কৰা নাই বুলি অভিযোগ উঠিছে।
ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী মানি লোৱা হোৱা নাই। কিন্তু ১০ আগষ্টত হোৱা অশান্তিৰ পাছত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আৰক্ষীৰ অত্যাচাৰক সমালোচনা কৰে। তেওঁ কয়, “ঝাৰখণ্ডত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত বল প্ৰয়োগ কৰাটো অন্যায়। ছাত্ৰ-ছাত্ৰীৰ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে।” আলোচনাৰ জৰিয়তেহে সমাধান পোৱা যাব বুলি উল্লেখ কৰি তেওঁ কয়, “ঝাৰখণ্ড চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ কথা শুনিব লাগিব।”













