
তদন্তকাৰীয়ে জানিব পাৰিছে যে থাইলেণ্ডৰ ফুকেটৰ পৰা দিল্লীলৈ (From Phuket to Delhi) যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমান (Air India)খনৰ পাইলট-ইন-কমাণ্ডে (Pilot-in-command) নিয়মিতভাৱে টোপনিৰ বড়ি খাইছিল (eaten a Sleeping tab)। সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়াৰ আভ্যন্তৰীণ বিমান সুৰক্ষাৰ প্ৰতিবেদনত এই কথা উল্লেখ আছে। ইয়াৰ বাহিৰেও দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতো পাইলটজন স্বাভাৱিক অৱস্থাত নাছিল বুলি দাবী কৰা হৈছে। তেওঁ ভালদৰে থিয় দিব পৰা নাছিল, তেওঁ ঢলং-পলং কৰি আছিল। আনকি প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰাৰ সময়তো তেওঁ আনৰ পৰা শাৰীৰিকভাৱে সহায় ল’বলগীয়া হৈছিল।
দিল্লীলৈ যোৱাৰ পথত হঠাতে ওড়িশাৰ ওপৰেৰে ৩০০ ফুট নামি আহে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বিমানখনত মুঠ ১৩৭ জন যাত্ৰী আৰু ৮ জন ক্ৰু মেম্বাৰ আছিল। এই দুৰ্ঘটনাত ২০ জন লোক আহত হয়। অভিযোগ অনুসৰি, এই ঘটনাৰ সময়ত পাইলটজন ককপিটত নিজৰ আসনত নাছিল। তলত বহি আছিল তেওঁ। জোকাৰণিৰ বাবে তেওঁ আসনৰ পৰা দূৰলৈ চিটিকি পৰিছিল নেকি সেই বিষয়ে তদন্ত চলি আছে। অৱশ্যে সেইদিনা পাইলটৰ আচৰণ স্বাভাৱিক নাছিল বুলি বহুতে দাবী কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। অভিযোগ অনুসৰি, পাইলটে গাঞ্জা সেৱন কৰি বিমানখন উৰুৱাইছিল। তেওঁ দুবাৰকৈ ‘ড’প টেষ্ট’ত অনুত্তীৰ্ণ হৈছিল। তেওঁৰ শৰীৰত গাঞ্জা থকাৰ প্ৰমাণ পোৱা বুলিও অভিযোগ উত্থাপন হৈছে।

এয়াৰ ইণ্ডিয়াৰ এজন পাইলটে আভ্যন্তৰীণ প্ৰতিবেদনত নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। তেওঁ কয় যে যদিও তেওঁলোকৰ কামৰ সময়সূচী নিয়ম অনুসৰি তৈয়াৰ কৰা হৈছে, তথাপিও তেওঁলোকে টোপনি বা জিৰণিৰ বাবে পৰ্যাপ্ত সময় পোৱা নাই। কিছুদিন ধৰি টোপনিৰ অসুবিধা হোৱাত চিকিৎসকৰ পৰামৰ্শমতে টোপনিৰ বড়ি খাবলৈ আৰম্ভ কৰিছে।
প্ৰথমে দিল্লীৰ পৰা ফুকেটলৈ উৰা মাৰিছিল পাইলটজন। ইয়াৰ পিছত তেওঁ পুনৰ দিল্লীলৈ উভতি আহে। প্ৰথমখন বিমানৰ বাবে পুৱা ১২.১০ বজাত কামত যোগদান কৰিবলগীয়া হোৱা বুলি দাবী কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় তেওঁৰ প্ৰস্তুতি। তাৰ আগতে তেওঁ ভালদৰে শুবলৈ পৰ্যাপ্ত সময় পোৱা নাছিল। ফুকেটত অৱতৰণ কৰাৰ পিছত অৱতৰণৰ পিছৰ কাম সম্পূৰ্ণ কৰিবলৈ আৰু দুঘণ্টা সময় লাগে। ইয়াৰ পিছত হোটেল পায়হি। পৰৱৰ্তী বিমানখনৰ বাবে তেওঁ পুৱা ৩ বজাত সাৰ পাবলগা হৈছিল। ফলত তেওঁৰ টোপনিৰ সমস্যা বাঢ়ি যায়।
প্ৰতিবেদনত দাবী কৰা হৈছে যে এই জোকাৰণিৰ পিছত পাইলটজনে যাত্ৰীসকলক চাবলৈ কেবিনলৈ গৈছিল। বহুতে তেওঁক ভিডিঅ’ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ সেয়া নিষেধ কৰিছিল। জানিব পৰা মতে, দিল্লীৰ পৰা ফুকেটলৈ উৰাজাহাজেৰে গৈ থাকোঁতে তেওঁ ককপিটত বিমান পৰিচাৰিকাক ভৰাই শৌচাগাৰলৈ গৈছিল। লগতে তেওঁ এটেণ্ডেণ্টক গালি পাৰিছিল যে তেওঁ নিজৰ কাম ভালদৰে কৰিব পৰা নাই। ইয়াৰ ফলত বিমান পৰিচাৰিকাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। কথাটো উপলব্ধি কৰাৰ পিছত তদন্তকাৰীয়ে জানিব পাৰিছে যে তেওঁ ফুকেটত অৱতৰণ কৰাৰ পিছত তেওঁলোকৰ বাবে পাৰ্টীৰো আয়োজন কৰিছিল। অভিযোগৰ তদন্ত অব্যাহত আছে। বৰ্তমান তেওঁক কৰ্তব্যৰ পৰা আঁতৰাই দিয়া হৈছে। তদন্ত শেষ নোহোৱালৈকে তেওঁ বিমান উৰুৱাব নোৱাৰিব।












