
স্বামীক এৰি প্ৰেমিকৰ লগত পলাই গৈছিল এগৰাকী মহিলা। উদ্দেশ্য আছিল নতুন ঘৰ এখন সজোৱাৰ। কিন্তু প্ৰেমিকৰ হাততেই প্ৰাণ যায় বিহাৰৰ নৱাদা (Navada of Bihar) জিলাৰ ২০ বছৰীয়া যুৱতীগৰাকীৰ।
আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত অভিযুক্ত ঋষভ কুমাৰে (Accused Rishabh Kumar) মৃতদেহটো এটা ছুটকেছত ভৰাই এটা কোঠাৰ ভিতৰত থৈ দুৱাৰত তলা মাৰি গুচি যায়। দাদৰ আৰু নগৰ হাভেলীত সংঘটিত হৈছে এই হত্যাকাণ্ড। ছোটি উপাধ্যায় (Choti Upadhyay) নামৰ যুৱতীগৰাকীৰ হত্যাৰ দুমাহ উকলি গৈছে। অৱশেষত বাৰাণসীৰ পৰা গ্ৰেপ্তাৰ হয় অভিযুক্ত। তাত তেওঁ ছদ্মনামেৰে আছিল।

মৃত ছোটি আৰু ঋষভ বিহাৰৰ একেখন গাঁৱৰ বাসিন্দা আছিল। আৰক্ষীৰ তদন্তত দেখা গৈছে যে বিয়াৰ পিছত ছোটিৰ ঋষভৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। অভিযোগ অনুসৰি, ঋষভক জোৰ কৰাত তেওঁ ছোটিক লৈ গাঁও এৰি দাদৰ আৰু নগৰ হাভেলীলৈ পলাই যায়। তাত তেওঁলোকৰ বিয়াও হৈছিল। ইয়াৰ পিছত ছোটিয়ে বাৰে বাৰে ঋষভক গাঁৱলৈ উভতি যাবলৈ হেঁচা দিয়ে। ইয়াৰ ফলত দুয়োৰে মাজত অহৰহ বিবাদ চলি আছিল। অভিযোগ অনুসৰি, ৯ জুনত বিবাদৰ সময়তে ঋষভে ছোটিক ডিঙি চেপি হত্যা কৰে।
আৰক্ষীৰ সূত্ৰ মতে, হত্যাকাণ্ডৰ পিছত ছোটিৰ মৃতদেহটো ৰছীৰে বান্ধি প্লাষ্টিকেৰে মেৰিয়াই ছুটকেছত ভৰাই থোৱা হয়। পিছত ঋষভে তাৰ পৰা পলায়ন কৰে। বাৰাণসীলৈ গৈ প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰিবলৈ লয়।
যোৱা ৩ আগষ্টত দাদৰ আৰু নগৰ হাভেলীৰ ঘৰৰ মালিকে ঘৰৰ দুৱাৰ খুলি পচা গোন্ধ এটা পায়। তাৰ পাছতেই পোহৰলৈ আহে হত্যাকাণ্ড। শৌচাগাৰত ছুটকেছৰ পৰা ছোটিৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছত তদন্তত নামি আৰক্ষীয়ে বাৰাণসীলৈ গৈ ঋষভক গ্ৰেপ্তাৰ কৰে।











