
টাটা গ্ৰুপত পুনৰ এক অশান্তিৰ আভাস দেখা গৈছে। টাটা ছন্সৰ (Tata Sons) অধ্যক্ষ এন চন্দ্ৰশেখৰনে পদত্যাগ (N. Chandrashekharan’s resignation) কৰিছে। সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰে এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৱে দাবী কৰিছে যে পদত্যাগ কৰিলেও অহা ফেব্ৰুৱাৰী মাহলৈকে চন্দ্ৰশেখৰে এই পদত কাম কৰি যাব। সেই মাহতে তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল। অৰ্থাৎ পদত্যাগ কৰিলেও তেওঁ টাটা ছন্সৰ মুৰব্বী হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিব।
চন্দ্ৰশেখৰনে কিয় পদত্যাগ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই টাটা গ্ৰুপে। কিন্তু যিসময়ত টাটা গ্ৰুপ বিভিন্ন প্ৰতিকূলতাৰ মাজেৰে পাৰ হৈ আহিছে, সেই সময়ত চন্দ্ৰশেখৰনৰ পদত্যাগ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ইয়াৰ পূৰ্বে টাটা গ্ৰুপৰ সেৱা কোম্পানী টাটা ট্ৰাষ্টে চন্দ্ৰশেখৰনক পুনৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছিল। টাটা ট্ৰাষ্ট আৰু টাটা ছন্সৰ মাজত হোৱা বিবাদৰ বাবে চন্দ্ৰশেখৰনে পদত্যাগ কৰিছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
৪০ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ টাটা গ্ৰুপৰ মূল নিয়ন্ত্ৰণকাৰী সত্তা হৈছে টাটা ছন্স। টাটা ছন্সে টিচিএছ, টাটা মটৰ্ছ, এয়াৰ ইণ্ডিয়াকে ধৰি ৩০টা কোম্পানী পৰিচালনা কৰে। টাটা ছন্সত টাটা ট্ৰাষ্টৰ ৬৬ শতাংশ অংশীদাৰিত্ব আছে। যোৱা ফেব্ৰুৱাৰী মাহত টাটা ছন্সে চন্দ্ৰশেখৰনৰ অধ্যক্ষৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত পিছুৱাই দিছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাই সেই সময়ত চন্দ্ৰশেখৰনৰ ম্যাদ বৃদ্ধিৰ বিৰোধিতা কৰিছিল। নোৱেলে বিচাৰিছিল যে টাটা ছন্স শ্বেয়াৰ বজাৰত তালিকাভুক্ত নহয়। সূত্ৰসমূহে দাবী কৰিছে যে নোৱেলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চন্দ্ৰশেখৰনে এনে কোনো প্ৰতিশ্ৰুতিত সন্মতি প্ৰকাশ কৰা নাছিল।












