
ডুবাইৰ পৰা টেল আভিভলৈ যোৱা ফ্লাইডুবাই (FlyDubai) বিমানত ভাৰতীয় মূলৰ কেপ্টেইন স্মিট মাচ্চাৰৰ ওপৰত সংঘটিত মাজ আকাশত ৰক্তাক্ত আক্ৰমণৰ অস্ত্ৰক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। তদন্তত বিমানখনৰ ককপিটৰ ভিতৰত তেওঁক সঠিকভাৱে কিহৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল, বাহিৰৰ পৰা অনা ছুৰী নে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে ককপিটত ৰখা ‘ক্ৰেচ এক্স’ বা বিশেষ কুঠাৰ তাক লৈ চৰ্চা চলি আছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এক সাক্ষাৎকাৰত দাবী কৰে যে আক্ৰমণকাৰী সহ-পাইলটে সম্ভৱতঃ ককপিটত ৰখা বিশেষ কুঠাৰেৰে কেপ্টেইন স্মিটক আক্ৰমণ কৰিছিল। বিমান পৰিবহণৰ নিয়ম অনুসৰি, অগ্নিনিৰ্বাপক বা জৰুৰীকালীন উদ্ধাৰ অভিযানৰ বাবে প্ৰতিখন যাত্ৰীবাহী বিমানৰ ককপিটত এনে গধুৰ ‘ক্ৰেচ এক্স’ বা অগ্নিনিৰ্বাপক কুঠাৰ ৰখাটো বাধ্যতামূলক। আমেৰিকাৰ সংবাদ মাধ্যম চিবিএছ নিউজৰ এক প্ৰতিবেদনেও ইংগিত দিছে যে আক্ৰমণকাৰীয়ে ককপিটৰ কটকটীয়া নিৰাপত্তাৰ পৰা হাত সাৰিবলৈ বাহিৰৰ পৰা অস্ত্ৰ লৈ অহাৰ কোনো প্ৰমাণ এতিয়াও পোৱা নাই, বৰঞ্চ ককপিটৰ ভিতৰৰ কুঠাৰখন হয়তো তেওঁ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।

কিন্তু প্ৰত্যক্ষদৰ্শীৰ বক্তব্যত এই কুঠাৰৰ প্ৰসংগৰ সম্পূৰ্ণ মিল নাই। ফ্লাইট এটেণ্ডেণ্টৰ সহায়ত ককপিটৰ তলা খুলি তাত উপস্থিত হোৱা যাত্ৰীসকলে হাতত ছুৰী লৈ থিয় হৈ থকা এজন লোকক প্ৰত্যক্ষ কৰে। আনহাতে, তলত কেপ্টেইন স্মিট ৰক্তাক্ত অৱস্থাত পৰি আছিল। বিমান বিশেষজ্ঞসকলৰ মতে, হয় ককপিটত ক্ৰুৰ সেৱা আগবঢ়োৱা ধাতুৰ ছুৰী নহ’লে ককপিটৰ নিজৰ কুঠাৰ এই দুয়োটা তাত উপস্থিত সহ-পাইলটৰ হাতৰ মুঠিত আছিল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা প্ৰকৃত অস্ত্ৰটো কি আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
অস্ত্ৰ বিতৰ্ক তদন্তৰ বিষয় যদিও এটা কথা নিশ্চিত যে কেপ্টেইন স্মিটৰ অবিশ্বাস্য উপস্থিতি, বুদ্ধিমত্তা আৰু অদম্য সাহস। গুৰুতৰ আঘাতৰ বাবে তেজ ওলাইছিল যদিও তেওঁ নিজৰ সকলো শক্তি ব্যৱহাৰ কৰি ককপিটৰ অটোমেটিক লকটো খুলিছিল। ফলত কেবিন ক্ৰু আৰু যাত্ৰীসকলে দ্ৰুতগতিত প্ৰৱেশ কৰি আক্ৰমণকাৰী সহ-পাইলটক পৰাস্ত কৰিবলৈ সক্ষম হয়, যাৰ ফলত বিমানখনে ১৭৪ জন লোকক লৈ ছৌদি আৰবত নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয়। তদন্তকাৰীৰ মতে, বৰ্তমান চিকিৎসাধীন বীৰ পাইলটজন সুস্থ হৈ উঠিলেই তেওঁৰ প্ৰত্যক্ষ সাক্ষ্যৰ পৰাই এই ৰহস্যৰ প্ৰকৃত সত্যতা পোহৰলৈ আহিব।












