
পৃথিৱীৰ স্বৰ্গ হিচাপে পৰিচিত শ্ৰীনগৰ এতিয়া বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ (Srinagar pollution) তালিকাত শীৰ্ষস্থান দখল কৰিছে। এনে চাঞ্চল্যকৰ তথ্য বেচৰকাৰী সংস্থা AQI.inৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। তাত প্ৰকাশ কৰা তথ্য অনুসৰি, ২০ নৱেম্বৰ শুকুৰবাৰে শ্ৰীনগৰৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) আছিল ৩৫৪। অৰ্থাৎ এই পাহাৰীয়া চহৰখনৰ প্ৰদূষণ ‘অতি জটিল’ স্তৰত উপনীত হৈছে। কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে এই কথাত মতানৈক্য প্ৰকাশ কৰিছে। চিপিচিবিৰ তথ্য অনুসৰি, শ্ৰীনগৰৰ একিউআই মাত্ৰ ৫৯ ।

২০ নৱেম্বৰত AQI.inয়ে প্ৰকাশ কৰা তালিকাত ভাৰত আৰু পাকিস্তানৰ বহু প্ৰদূষিত চহৰক চেৰ পেলাই শ্ৰীনগৰ শীৰ্ষ স্থানত আছে। এই তালিকাৰ পৰৱৰ্তী স্থানত হাৰিয়ানাৰ হিছাৰ (৩২৮), পঞ্জাবৰ লুধিয়ানা (৩০৯) আৰু অমৃতসৰ (৩০২)। শুকুৰবাৰে বিয়লি শ্ৰীনগৰৰ বতাহত ধূলিকণাৰ পিএম২.৫ৰ মাত্ৰা ১৯১ মাইক্ৰ’গ্ৰাম। আনহাতে, পিএম১০ৰ মাত্ৰা আছিল ২৪৮ মাইক্ৰ’গ্ৰাম। অতি মিহি হোৱাৰ বাবে পিএম২.৫ কণাবোৰ পোনপটীয়াকৈ হাওঁফাওঁ আৰু তেজৰ সোঁতত প্ৰৱেশ কৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু এই চহৰখন হঠাতে প্ৰদূষণৰ তালিকাত কেনেকৈ শীৰ্ষস্থান দখল কৰিলে? বিশেষজ্ঞসকলৰ মতে, এই পৰিস্থিতিৰ বাবে শ্ৰীনগৰৰ ভৌগোলিক অৱস্থান, বতৰ আৰু মানুহৰ কাৰ্যকলাপ দায়ী। জানিব পৰা মতে, পাহাৰেৰে আগুৰি থকা উপত্যকাত অৱস্থিত শ্ৰীনগৰে বায়ু চলাচলত বাধাৰ সৃষ্টি কৰে।
প্ৰদূষক কণাবোৰ সেই অঞ্চলত আবদ্ধ হৈ পৰে। শীতকালত ৰাতি পৃষ্ঠভাগ দ্ৰুতগতিত ঠাণ্ডা হয়। ফলত মাটিৰ ওচৰৰ বতাহ ঠাণ্ডা হৈ পৰে। ইফালে ওপৰৰ উষ্ণ বতাহে ঢাকনিৰ দৰে কাম কৰে। যাৰ ফলত বায়ুৰ উলম্ব গতিবিধি ৰোধ হয়। ইয়াৰ দ্বাৰা প্ৰদূষক পদাৰ্থবোৰ পৃষ্ঠৰ ওচৰত আবদ্ধ হৈ থাকে। তদুপৰি ১৯ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ শুকান বতৰৰ আগজাননী দিয়া হৈছে। ফলত বৰষুণ বা বৰফ পৰি বতাহ পৰিষ্কাৰ কৰাৰ কোনো সম্ভাৱনা নাই। চিপিচিবিৰ তথ্য অনুসৰি, বাহনৰ ধোঁৱা, নিৰ্মাণ কাম, পথৰ ধূলি, জাবৰ জ্বলোৱা আৰু ডিজেল জেনেৰেটৰৰ ব্যৱহাৰ বৃদ্ধিৰ বাবেও প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ লগতে শীতকালত ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কয়লা জ্বলাই ঘৰবোৰ গৰম কৰি ৰখাৰ প্ৰৱণতাও বাঢ়ি যায়।
ফলত প্ৰদূষণ আৰু বাঢ়ি গৈ আছে। প্ৰকাশিত তথ্য অনুসৰি, ১৩ নৱেম্বৰত শ্ৰীনগৰৰ একিউআই আছিল মাত্ৰ ২৯। কিন্তু ১৯ নৱেম্বৰত ৪০২ত উপনীত হয়। ২০ নৱেম্বৰত এই মাত্ৰা সামান্য হ্ৰাস পাই ৩৫৪ হয়। অৰ্থাৎ অনুকূল বতৰ আৰু স্থানীয় প্ৰদূষণ নিয়ন্ত্ৰণ নকৰিলে পাহাৰেৰে আগুৰি থকা চিত্ৰময় চহৰখনো প্ৰদূষণৰ ‘হটস্পট’ হ’ব পাৰে।











