
আজি শিলচৰ পৌৰ নিগমৰ (Silchar Municipal Corporation Election) নিৰ্বাচন৷ নিগমত উন্নত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শিলচৰত অনুষ্ঠিত হৈ আছে পৌৰ নিগম নিৰ্বাচ। মুঠ ৪২টা ৱাৰ্ডেৰে গঠিত শিলচৰ পৌৰনিগমৰ দুটা ৱাৰ্ডত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাত আজি বাকী থকা ৪০টা ৱাৰ্ডত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

এই নিৰ্বাচনত মুঠ ৩০৩টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ২ লাখ ৭০ হাজাৰ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে, ৪০টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুঠ ১৩১গৰাকী প্ৰাৰ্থীয়ে। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰাও গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা।













