
দেৰগাঁৱৰ কৰুনাটিং চাহ বাগিচা অফিচ লাইনত মানৱ সমাজক শিহৰিত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এগৰাকী কিশোৰীৰ ওপৰত নিশাটোৰ সুযোগ লৈ মাহীমাকৰ ল’ৰাই পাশৱিক কাণ্ড সংঘটিত কৰি এৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিশা কিশোৰীগৰাকীৰ কান্দোনৰ শব্দ শুনি পৰিয়ালৰ লোকৰ টোপনি ভঙে আৰু তেওঁৰ শৰীৰৰ পৰা তেজ নিগৰি অহা দেখা পায়। লগে লগে পৰিয়ালে কিশোৰীগৰাকীক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে ক্ষিপ্ৰ অভিযান চলাই প’কছো আইনৰ অধীনত অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। ধৃত অভিযুক্তজন হ’ল কৰুণাটিং চাহ বাগিচাৰ অফিচ লাইনৰ বাসিন্দা মহেশ্বৰ মাঝি (২৩)। সি মাহী মাকৰ ল’ৰা আৰু প্ৰায় ৩ বছৰ পূৰ্বে তাৰ বিবাহ হৈছিল বুলি জানিব পৰা গৈছে। এই জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।











