
একেৰাহে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ বিৰোধী দলপতি (Leader of the opposition in the Lok Sabha) ৰাহুল গান্ধী (Rahul Gandhi) আৰু কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি (Leader of the opposition in the Rajya Sabha) মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge) দিল্লীৰ লালকিল্লাৰ স্বাধীনতা দিৱস (Red Fort’s Independence Day)ৰ কেন্দ্ৰীয় অনুষ্ঠান ত্যাগ (Leaving the central event) কৰে। লালকিল্লাৰ পৰিৱৰ্তে কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত জাতীয় পতাকা উত্তোলন অনুষ্ঠানত অংশগ্ৰহণ কৰে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে। কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীও তাত উপস্থিত থাকে। উল্লেখ্য যে ইন্দিৰা ভৱন উদ্বোধনৰ পিছত দ্বিতীয়বাৰৰ বাবে তাত স্বাধীনতা দিৱস উদযাপন কৰা হয়।
লোকসভাত বিৰোধী দলৰ নেতা হোৱাৰ পিছত ২০২৪ চনৰ ১৫ আগষ্টত লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। তাত তেওঁক শেষৰ শাৰীটোৰ পৰা দ্বিতীয় শাৰীত বহিবলৈ দিয়া হৈছিল। ইয়াকে লৈ কংগ্ৰেছে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে।
কাৰণ চৰকাৰী প্ৰট’কল অনুসৰি লোকসভা আৰু ৰাজ্যসভাত বিৰোধী নেতাৰ পদবী এজন পূৰ্ণ মন্ত্ৰী পদৰ সমতুল্য। কিন্তু সেইবাৰ প্ৰথম আৰু দ্বিতীয় শাৰীৰ আসন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ পূৰ্ণ মন্ত্ৰীক আবণ্টন দিয়া হ’লেও ৰাহুল গান্ধীক পিছলৈ পঠিওৱা হ’ল। অৱশ্যে সেই সময়ত লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ে যুক্তি দিছিল যে চৌহদত অলিম্পিয়ানসকলক ঠাই দিয়াৰ বাবে ব্যৱস্থা সামান্য সলনি কৰা হয়।

ইতিহাসে কয় যে প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ইউ পি এ চৰকাৰৰ দিনত প্ৰট’কল অনুসৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিৰোধী নেতা এল কে আদৱানী আৰু সুষমা স্বৰাজক সদায় প্ৰথম শাৰীত বহিবলৈ দিয়া হৈছিল। তাৰ আগতে অটল বিহাৰী বাজপেয়ী আৰু নৰসিংহ ৰাওৰ সময়তো বিৰোধী নেতাজনে লালকিল্লাকে ধৰি চৰকাৰী সকলো কাৰ্যসূচীতে কেবিনেট মন্ত্ৰীসকলৰ সৈতে সন্মুখৰ শাৰীত বহিছিল।
অৱশ্যে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তেওঁলোকৰ অনুপস্থিতিৰ বাবে শনিবাৰে বিজেপিয়ে ৰাহুল-খাৰ্গেক আক্ৰমণৰ লক্ষ্য কৰি লয়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী নেতাৰ অনুপস্থিতি দুৰ্ভাগ্যজনক। বিজেপি নেতা আৰ পি সিঙে কয়, “কংগ্ৰেছৰ সভাপতিজনে নিয়মিতভাৱে সংসদৰ মকৰদ্বাৰৰ চিৰিৰে উঠা-নমা কৰে, কিন্তু তেওঁ স্বাধীনতা দিৱসৰ কাৰ্যসূচী এৰি চলিলে।” লালকিল্লাত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘শক্তিৰ সপ্ত ধাৰা’ (শক্তিৰ সাতটা পথ) ঘোষণা কৰে। সপ্ত সিন্ধু (সাতটা পথ)ৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই সাতটা ধাৰাই দেশখনক আগুৱাই নিয়াত সহায় কৰিব।












