ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
October 6, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

RELATED POSTS

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

New Logo Smal 2 | ASSAM TIMES POST

লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) ‘ভোট চুৰি’ৰ অভিযোগক লৈ পুনৰবাৰ বিজেপিক আক্ৰমণ (Attack on BJP) কৰে। মঙলবাৰে পুৱা বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সাংসদসকলে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ৰ দিশে পদযাত্ৰা কৰে। কিন্তু আৰক্ষীয়ে তেওঁলোকক আগবাঢ়িলৈ নিদিলে। লগতে কেইবাজনো লোকক আটক কৰে। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে ইলেকচন হাউছৰ সমীপৰ আকাশবাণীৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰে। তাৰ পৰাই তেওঁ আৰক্ষীয়ে স্থাপন কৰা বেৰিকেডত উঠি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত আৰু জ্ঞানেশ কুমাৰক একে শাৰীতে ৰাখি আক্ৰমণ কৰে। লগতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী কৰে।

বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নাটকীয় পৰিস্থিতিৰ ওপৰত বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে আৰক্ষীক ফাঁকি দি আকাশবাণীৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰক লৈ তীব্ৰ সমালোচনা কৰিছে। গেৰুৱা শিবিৰৰ দাবী, কংগ্ৰেছে ৰাহুল গান্ধীক পুনৰবাৰ ৰাজনীতিত ‘প্ৰক্ষেপ’ কৰিবলৈ চেষ্টা কৰিছে। ইফালে বিজেপিৰ আক্ৰমণ সন্দৰ্ভত সোধাত ৰাহুল গান্ধীয়ে কয়, “বিজেপিয়ে যি কয় সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। আমি কেৱল তেওঁলোকৰ সৈতে মুখামুখি হোৱাই নহয়, আমি তেওঁলোকক ধ্বংস কৰি দিম।”

ইয়াৰ পিছত তেওঁ লগতে কয়, “নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু মোহন ভাগৱতে ‘ভোট চুৰি’ কৰি দেশখন ‘হাইজেক’ কৰিছে। জ্ঞানেশ কুমাৰে তেওঁলোকক সহায় কৰিছে। সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁলোকে আমাৰ দেশৰ প্ৰতি যি কৰিছে সেয়া হৈছে বিশ্বাসঘাতকতা। কোনেও ৰক্ষা নাপাব।”

rahul | ASSAM TIMES POST
বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ

বিৰোধী শিবিৰৰ ইমানবোৰ সাংসদে তেওঁলোকক লগ কৰিব বিচাৰিলেও জ্ঞানেশ কুমাৰে তেওঁলোকক কিয় সাক্ষাৎ কৰা নাই বুলিও ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “আমি প্ৰায় ৩০০ সাংসদে জ্ঞানেশ কুমাৰ আৰু আন দুজন নিৰ্বাচন আয়ুক্তক লগ কৰিব বিচাৰিছিলোঁ।কিন্তু আৰক্ষীয়ে আমাক ইয়াত ৰখাই দিছে। আমি নিৰ্বাচিত প্ৰতিনিধি।

কিন্তু আমি নাজানো কিয় আমাক ইয়াত ৰখাই দিয়া হৈছে। নিৰ্বাচন আয়োগ আমাৰ পৰা মাত্ৰ ৫০ গজ দূৰত। সমস্যা ক’ত আছে আমি বুজিব পৰা নাই। বিৰোধীৰ ৩০০ সাংসদে জ্ঞানেশ কুমাৰক লগ কৰিব বিচাৰিছে, কিন্তু তেওঁ ভয় খাইছে। কি হৈছে দেশত। যদি নিৰ্বাচন আয়োগে নিৰ্বাচিত প্ৰতিনিধিসকলক সাক্ষাৎ নকৰে, তেন্তে গণতন্ত্ৰৰ অৰ্থ কি!”

আনহাতে, কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি সমদলত কয়, “আমাৰ যুঁজ অন্যায়ৰ বিৰুদ্ধে। স্বাধীনতাৰ পিছত যি সাৰ্বজনীন ভোটাধিকাৰ লাভ কৰিছিলোঁ, চৰকাৰে সেয়া হ্ৰাস কৰাৰ চেষ্টা চলাইছে। মুখ্য নিৰ্বাচন আয়ুক্তজন চৰকাৰৰ পুতলা হৈ পৰিছে। মোদী আৰু শ্বাহে যিয়েই নকওক কিয়, তেৱোঁ তাকেই কৰে। এনেদৰে চলি থাকিলে একনায়কত্ববাদ আৰম্ভ হ’ব। ইয়াৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RahulGandhi
Share4Tweet3Send

Related Posts

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

by News Desk
October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

by News Desk
October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

by News Desk
October 6, 2026
50
FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য
National-International

FlyDubai case : ইজৰাইলী যাত্ৰী কঢ়িয়াই নিয়া বিমান মাজ আকাশত গুলীয়াই নমাবলৈ ইজৰাইল সাজু আছিল নেকি? ফ্লাইডুবাইৰ ঘটনাত নতুন তথ্য

by News Desk
October 6, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

by News Desk
October 5, 2026
51
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

by News Desk
October 5, 2026
52
ADVERTISEMENT
Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
National-International

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
50
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান
Assam

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
50
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক
Artificial Intelligence

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026
50
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

Rahul Gandhi : বেৰিকেডত উঠি ৰাহুল গান্ধীৰ হুংকাৰ, ‘বিজেপিক ধ্বংস কৰি দিম’; জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

October 6, 2026
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

October 6, 2026
Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

Delhi protest : এআই সৃষ্ট চিচিটিভি ফুটেজেৰে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ যৌন নিৰ্যাতনৰ ভুৱা দাবী, গ্ৰেপ্তাৰ হাৰিয়ানাৰ যুৱক

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d