
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Nagaon bye poll) ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ শান্তিপূৰ্ণভাৱে অন্ত পৰে৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সন্ধিয়া ৫ বজাত অন্ত পৰাৰ সময়ত ভোটদানৰ হাৰ হৈছে ৭৬ শতাংশ। উল্লেখযোগ্য যে সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১৯.৫ লাখ। অৱশ্যে ভোটদানৰ সময়সীমা শেষ হোৱাৰ পিছতো ভোটকেন্দ্ৰৰ ভিতৰত বহু ভোটাৰ প্ৰৱেশ কৰাৰ বাবে এই হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে, পিটিআইৰ প্ৰতিবেদন অনুসৰি, নিৰ্বাচনত জড়িত নিৰ্বাচনী বিষয়াই জনোৱা মতে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল৷ উল্লেখযোগ্য যে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ আঠটা বিধানসভা সমষ্টি। এই সমষ্টিকেইটাৰ অন্তৰ্গত কোনো ভোটকেন্দ্ৰৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই।

সমষ্টি ভিত্তিক চাবলৈ গ’লে চামগুৰি বিধানসভা সমষ্টিত সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ সৰ্বাধিক। সমষ্টিটোত ৮০.২২ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে। আনহাতে, ৰহা সমষ্টিত সৰ্বনিম্ন ৭০.২৭ শতাংশ ভোটদান হয়। ইয়াৰ উপৰি মৰিগাঁও বিধানসভা সমষ্টিত ৭২.৮৪ শতাংশ, নগাঁও-বটদ্ৰৱাত ৭২.০১ শতাংশ, ৰূপহীহাটত ৭৭.৬৭ শতাংশ, ধিঙত ৭৭.৯৩ শতাংশ, জাগীৰোডত ৭৬.৬১ শতাংশ আৰু লাহৰীঘাট সমষ্টিত সন্ধিয়া ৫ বজালৈ ৭৮.৮৮ শতাংশ ভোটদান হয়৷













