ষ্টাফ ৰিপ’ৰ্টাৰ:
মেঘালয়ৰ মূখ্যমন্ত্ৰী কনৰাড চাংমাইৰ দ্বাৰা উন্মোচন কৰা হয় মন্ত্ৰী হিমন্ত বিশ্বৰ নতুন গ্ৰন্থ “এটা সপোনৰ পম খেদি”। হোটেল তাজত আয়োজিত এক অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়; লগতে এই উদ্ধোধনী সভাত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে আন বিশিষ্ট ব্যক্তিও।
উল্লেখ্য যে, অসম বিধানসভাৰ আৰু ভিন্ন ৰাজহুৱা মঞ্চৰ মুঠ ২৫ টা বক্তৃতাৰ নিৰ্বাচিত এই সংকলনখন প্ৰকাশ কৰি উলিয়াইছে সৰস্বতী প্ৰিন্টাৰ্ছে। আনহাতে, উদ্ধোধন অনুষ্ঠানৰ পিছতেই মন্ত্ৰী শৰ্মাৰ সৈতে এক অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয়।