ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা সোমবাৰে সামৰণি পৰে। হংক্ৰাম আদৰ্শ স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন যোৱা ৬ মে’ তাৰিখৰ পৰা হংক্ৰাম মাধ্যমিক খেলপথাৰত আৰম্ভ হয়।
https://youtu.be/DsVBbVi_9PA
মুঠ ২২ টা দলে অংশ গ্ৰহণ কৰা খেলৰ সোমবাৰে চূড়ান্ত খেল কাৰ্বি আংলং ভেটেৰাম ফুটবল ক্লাব আৰু আতুৰ কেকাং ফ্ৰণ্ট দলৰ মাজত অনুষ্ঠিত হয় । একপক্ষীয় খেলখনত কাৰ্বি আংলং ভেটেৰাম ফুটবল ক্লাবে আতুৰ কেকাং ফ্ৰণ্ট দলক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰে।
চূড়ান্ত খেলখনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে সাংসদ হৰেন ছিং বে, বিধায়ক মানচিং ৰংপি আৰু বৈঠালাংছ’ৰ ক্ৰীড়া সন্থাৰ সভাপতি লিপচন বে’৷
বিজয়ী দলটোক ট্ৰফী সহ ১৫,০০০ হাজাৰ টকা প্ৰদান কৰে সাংসদ হৰেণ ছিং বে আৰু পৰাজিত দলটোক ট্ৰফীসহ ১০,০০০ হাজাৰ টকাৰে বিধায়ক মানচিং ৰংপিয়ে পুৰস্কৃত কৰে।